নীলকণ্ঠা – সংগীতা মাইনা ডেকা

Pc Healthy Place

নীলকণ্ঠা 

কঁপি উঠা অধৰত
কিনো সজাম…?
আনন্দ
নে অশ্ৰু…?

নয়নৰ কোণত আহি,
ভিৰ কৰা টোপালবোৰে…
শুনাই যায়,
এটি, এটি জীয়াল কাহিনী…

কিন্তু স্তব্ধ…!
স্তব্ধ নো কিয় আজি ?
আপোন আপোন সময়বোৰ…!

আৰু ৰোদন বন্যাক সামৰিবলৈয়ো,
অপ্ৰতুল,
এই দুহাত ।।

সংগীতা মাইনা ডেকা,
ৰঙিয়া