নীটৰ ফলাফল ঘোষণা 

Pc- medical dialogues

নীটৰ ফলাফল ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত প্ৰৱেশ পৰীক্ষা নীটৰ ফলাফল ঘোষণা কৰা হৈছে। হায়দৰাবাদৰ মৃনাল কুট্টেৰিয়ে স্নাতক পর্যায়ৰ বাবে অনুষ্ঠিত ২০২১ চনৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী তথা প্ৰৱেশ পৰীক্ষা, চমুকৈ নীট ইউ জিত শীর্ষ স্থান লাভ কৰিছে। পৰীক্ষাৰ্থীগৰাকীয়ে ১০০ শতাংশ অর্থাৎ ৭২০ নম্বৰ লাভ কৰি এই কৃতিত্ব অর্জন কৰে। যোগ্যতা নিৰূপক প্ৰাপ্তাংক হ্রাস পোৱা হেতু বিগত বৰ্ষতকৈ এইবেলি প্ৰায় ৯৮ হাজাৰ পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীর্ণ হৈছে। এই প্ৰৱেশ পৰীক্ষা যোৱা ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হৈছিল। মৃণাল কুট্টেৰিয়ে দেশৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰাৰ বিপৰীতে দিল্লীৰ তন্ময় গুপ্তাই দ্বিতীয় আৰু কাৰ্তিকা নাৰায়ণে তৃতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে, চিকিৎসা বিজ্ঞানত নাম ভৰ্তিৰ বাৱেঁ অনুষ্ঠিত এই প্ৰৱেশ পৰীক্ষাত ১৫ লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।