নিৰ্বাচন আয়োগ কোভিড-সুৰক্ষিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু: মুখ্য নিৰ্বাচন আয়ুক্ত

P.c.-Hindustan times

নিৰ্বাচন আয়োগ কোভিড-সুৰক্ষিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু: মুখ্য নিৰ্বাচন আয়ুক্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  দ্বাদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ প্ৰাকমুহূৰ্তত মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই কয় যে নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনঅনুষ্ঠিত হ’বলগীয়া পাঁচখন ৰাজ্যত কোভিড-১৯-সুৰক্ষিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু। তেওঁ লগতে কয়, “পৰিস্থিতি যিমানেই কঠিন নহওঁক, ভোটাৰসকলে নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠানৰ ওপৰতো বিশ্বাস ৰাখিছে।” “আজিৰ তাৰিখলৈকে, আমাৰ ৯৫.১৪ কোটিতকৈও অধিক ভোটাৰ আছে,” চন্দ্ৰই লগতে কয়।