নি:সংগতা — ববিতা বৰা বৰভগীয়া,কলিয়াবৰ নগাওঁ(অসম)

তোমাৰ সংগতো মই

যদি নি:সংগ,
তোমাৰ ভালপোৱা ভেজাঁল
নে
মোৰেই উচ্ছাহ ৰুগ্ন?
যদি তুমি কথা
আৰু
মই যদি যতিচিহ্ন,
তোমাৰ ভালপোৱা ভেজাঁল
নে
মোৰেই উচ্ছাহ ৰুগ্ন?
তোমাৰ ভালপোৱাৰ নগৰীত
মই
ভালপোৱাৰেই ভোকাতুৰ জীৱ
বসনহীন কলিজাখন
কোলাহল অপ্ৰিয়,
শূণ্য কামনাত
অনুভৱবোৰ উলংগ।
তোমাৰ সংগতো
মই যদি নিঃসংগ পথিক,
বিসৰ্জন দিয়া মোক নিৰ্জনতাত,
অপ্ৰাপ্তিবোৰ মিলি যাওঁক
বতাহৰ ৰাগীত।
ববিতা বৰা
বৰভগীয়া,কলিয়াবৰ
নগাওঁ(অসম)
পিন-782138