নিসংগতাৰ অনুভৱ কিয় হয় – শৈলেন কুমাৰ

PC - NPR

নিসংগতাৰ অনুভৱ কিয় হয় 

-শৈলেন কুমাৰ, মিৰ্জা

নিসংগতা জীৱনত তেতিয়া অনুভৱ হয় যেতিয়া জীৱনত সাৰ্থক তত্ত্ব অনুপস্থিত হয় ৷যেতিয়া জীৱনক এটা মহৎ প্ৰয়োজন দিয়া নেযায় তেতিয়ালৈকে “ কোনোবাই এৰি যোৱাৰ, কেতিয়াবা হেৰাই যোৱাৰ চিন্তাই মনত উপদ্ৰৱ কৰি থাকে ৷ বাস্তৱত ভয় কিবা হেৰাই যোৱাৰ নতুবা কোনোবাই এৰি যোৱাৰ নহয় ৷বাস্তৱিক ভয় লাগে জীৱন ধংস হৈ যোৱাৰ ৷আৰু জীৱন ধংস হোৱাৰ ভয় তেতিয়া লাগিব যেতিয়া জীৱন প্ৰকৃততে ধংস হৈ আছে ৷যিয়ে জীৱনক উচ্চ লক্ষ্যৰ প্ৰতি সমৰ্পিত কৰিছে,তাৰ মনত কোনোবা হেৰাই যোৱা,কোনোবাই এৰি যোৱাৰ চিন্তা নাহে ৷ তেতিয়া হলে এয়া ভুল প্ৰশ্ন হব যে তেনে বিচাৰ বা চিন্তা আমাৰ মনলৈ কিয় আহে,সঠিক প্ৰশ্ন হব আমাৰ জীৱনত অনুপস্থিত কি আছে ? আমাৰ জীৱন হয়টো ৰিক্ততাৰে ভৰি আছে যাৰবাবে ব্যৰ্থ জাৱৰ যথৰ কিছুমান উপস্থিত হৈ আছে ৷ জীৱনক এনেদৰে সমৃদ্ধ কৰি তোলা উচিত য’ত অপ্ৰয়োজনীয় বিচাৰ চিন্তাধাৰা মনলৈ নাহে ৷সাৰ্থক কৰ্ম পৰম ব্যস্ততা,অনাকাংক্ষিত বিচাৰ তথা চিন্তা পৰিহাৰ কৰি সাৰ্থক কৰ্মত ব্যস্ততাই নিসংগতাৰ অনুভৱ হবলৈ নিদিয়ে ৷