নিশাচৰ পক্ষী ফেঁচা – বন্দিতা শৰ্মা কন্দলি

Pc-Wallpaper Flare

নিশাচৰ পক্ষী ফেঁচা 

পক্ষী জগতৰ এক সুকীয়া ৰহস্য জনক চৰাই হৈছে ফেঁচা। আন আন চৰাইৰ দৰে দিনৰ ভাগত আমি ফেঁচা উৰি ফুৰা দেখিবলৈ নাপাওঁ। দিনৰ ভাগত সিহঁত গছৰ খোৰোং,শিলৰ ফাঁক অথবা ফেৰেঙনিৰ ছাঁত টোপনি মাৰি থাকি আন্ধাৰ হোৱালৈ অপেক্ষা কৰি থাকে। যিহেতু ফেঁচাই দিনত চকা-মকাকৈ হে দেখা পায় সেয়ে আন্ধাৰ হোৱাৰ লগে লগেই চিকাৰৰ সন্ধানত ব্যস্ত হৈ পৰে। ওখ গছ, পুৰণি অট্টালিকাৰ ধ্বংসাৱশেষ আৰু পকী ঘৰৰ মূধচত পৰি ফেঁচাই চিকাৰৰ অনুসন্ধান কৰে। ফেঁচাৰ দৃষ্টিশক্তি অতি প্ৰখৰ।পথাৰত ঘূৰি ফুৰা নিগনি, এন্দুৰ,শস্যনাশক ফৰিং- গান্ধী পোক আনকি ৰাতিৰ আন্ধাৰত জিৰণি লোৱা চৰাই বোৰো ওখ গছৰ পৰা চাই থাকি ছোঁ মাৰি গৈ সুদৃঢ় হাতোৰা আৰু তীক্ষ্ণ নখেৰে সহজতে ধৰি গিলি থয়। সেয়ে ফেঁচাক “কৃষক বন্ধু” বুলি কোৱা হয়। ফেঁচা ই মূৰতো ৩৬০° অৰ্থাৎ সম্পূৰ্ণকৈ ঘূৰাব পাৰে। তাৰোপৰি উচ্চ শ্ৰবণ শক্তি,নিঃশব্দে নীৰৱে উৰিব পাৰে বাবে চিকাৰ বোৰে একো উমান নাপায়।
দিনৰ পোহৰ সহ্য কৰিব নোৱাৰা ফেঁচাই ৰাতি কেনেকৈ দেখা পায় বাৰু! আচৰিত নালাগেনে? আমি বস্তু এটা দেখা পাবলৈ হ’লে চকুৰ মণিৰ পাছফালে থকা ৰেটিনাত( পৰ্দাত) বস্তুটোৰ পৰা পোহৰ গৈ চকুৰ মণিত পৰি প্ৰতিসৰিত হৈ( পাৰ হৈ) ৰেটিনাত বস্তুটোৰ প্ৰতিবিম্ব গঠন হয় আৰু স্নায়ুৰ সহায়ত এই সংকেত মগজুলৈ যায়। তাৰ পিছত মগজুৱে ছবিৰ হুবহু ধাৰণা দিয়ে। ফেঁচা চকুৰ গঠন মানুহ বা আন প্ৰাণীতকৈ কিছু পৃথক। ফেঁচাৰ চকুৰ মণিৰ পৰা ৰেটিনাৰ দূৰত্ব আমাতকৈ বহুত বেছি। ফলস্বৰূপে ফেঁচা ৰ ৰেটিনাত ছবিটো ডাঙৰকৈ গঠন হয়। তদুপৰি ইহঁতৰ চকুত “পেক্ টেন্”নামৰ বিশেষ অংগ এটা আছে। এই অংগই সকলো ছবি স্পষ্টকৈ পৰাত সহায় কৰে। আমাৰ চকুৰ পৰা মগজুলৈ প্ৰতিবৰ্গ মিলি মিটাৰত দুহেজাৰ ডাল স্নায়ু আছে। কিন্তু ফেঁচাৰ দহ হাজাৰ ডাল স্নায়ু আছে। এই তথ্যৰ পৰাই জানিব পাৰি যে ফেঁচাৰ দৃষ্টিশক্তি আমাতকৈ পাঁচ গুণ বেছি। ইয়াৰ উপৰিও ফেঁচাৰ চকুত এবিধ ৰঙচুৱা ৰাসায়নিক পদাৰ্থ আছে। এইবোৰে কোনো বস্তু চাব পৰা ক্ষমতা আমাতকৈ পাঁচ গুণ বঢ়াই দিয়ে। সেয়ে ফেঁচাই ৰাতিৰ ক্ষীণ পোহৰতো স্পষ্টকৈ দেখা পায়। অথচ দিনৰ পোহৰ চকা-মকা! কাৰণ টো কি জানা! আমি যেনেকৈ বেছি পোহৰ চাব নোৱাৰোঁ বা চকু চাট মাৰি ধৰে তেনেদৰে কম শক্তিৰ পোহৰৰ প্ৰতি সুসংবেদী ফেঁচাৰ চকুত দিনৰ বেছি শক্তিৰ পোহৰ পৰিলে মগজুৱে অনুভূতি যোগোৱাত খেলি মেলি হয়। সেয়ে ফেঁচাক দিনকণা বুলি কোৱা হয়।ভৰ দূপৰীয়া বাহিৰৰ ৰ’দৰ পৰা ভিতৰলৈ সোমাই আহিলে আমাৰ কেনেকুৱা লাগে বাৰু? ভিতৰৰ বস্তুবোৰ দেখা পাওঁ নে?

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও