নিম্ন মানৰ আম্পায়াৰিঙত নগাঁও ক্ৰিকেটৰ সৌস্তভ ম্লান

PC Classroom clipart

নিম্ন মানৰ আম্পায়াৰিঙত নগাঁও ক্ৰিকেটৰ সৌস্তভ ম্লান

ৰঙিলী বাৰ্ত্তাসেৱা,নগাঁও-  নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত যোৱা ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত চতুৰ্থ বাৰ্ষিক অসম প্ৰিমিয়াৰ আন্তঃ ক্লাব ক্ৰিকেট চেম্পিয়ন শ্বিপৰ (এ.এন.কিড’ৱাই ট্ৰফী,ক্লাষ্টাৰ-১)নগাঁৱৰ আগশাৰীৰ ৮টা দলৰ মাজত খেলসমূহ আৰম্ভ হৈছে।ৰেডিয়েল,ৰেডিয়েণ্ট,ষ্টাৰ স্পটিং,ত্ৰিনয়ন গোষ্ঠী, ইলাইট ক্লাবে ক্ৰমে অনুষ্ঠিত হৈ যোৱা খেলসমূহত বিজয় সাব্যস্ত কৰিছে।কিন্তু ১৮ তাৰিখে শ্বাইন’ছ প্লেয়াৰ্ছ আৰু ত্ৰিনয়ন গোষ্ঠীৰ মাজত অনুষ্ঠিত হোৱা খেলখনত অতি নিম্নমানৰ আৰু দৃষ্টিকটু আম্পায়াৰিঙে এখন অতি উত্তেজনাপূৰ্ণ খেল ধূলিসাৎ কৰে।পক্ষপাতমূলক আম্পায়াৰিঙে খেলখনৰ ফলাফল বিপৰীত ফালে গতি কৰায়।খেলৰ মাজত আম্পায়াৰে কৰা সম্পূৰ্ণ পক্ষপাতমূলক মন্তব্যই হাঁহিৰ খোৰাক যুগুৱাৰ লগতে সকলোৰে চকু কপালত তোলে।খেলুৱৈৰ লগতে সমূহ প্ৰকৃত ক্ৰীড়া প্ৰেমীয়ে এনেকুৱা পক্ষপাতমূলক আম্পায়াৰিঙত অসন্তুষ্টি ব্যক্ত কৰে।তেওঁলোকে নগাঁও ক্ৰীড়া সংস্থাৰ বিষয়ববীয়াক ইতিমধ্যে বিষয়টো অৱগত কৰিছে আৰু অসম ক্ৰিকেট সংস্থাকো বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ অনুৰোধ জনাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।দৃষ্টিকটু ভাৱে পক্ষপাতমূলক তথা অতি নিম্ন মানদণ্ডৰ আম্পায়াৰিঙে নগাঁৱৰ ক্ৰিকেট জগতত কালিমা সনাৰ লগতে উঠি অহা ক্ৰিকেটাৰ সকলৰ মাজত বিৰূপ প্ৰভাব পেলাব বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে।তৃতীয় আম্পায়াৰ নথকা এখন প্ৰতিযোগীতাত বাহিৰৰ তৃতীয় ব্যক্তি এজনে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাটো আশ্চৰ্যজনক তথা হাস্যকৰো।অসম ক্ৰিকেট সংস্থাৰ অন্তৰ্গত আৰু বহুতো ন-পুৰণি উজ্জ্বল নক্ষত্ৰৰে পৰিপূৰ্ণ নগাঁও ক্ৰীড়া সন্থাৰ দৰে অনুষ্ঠান এটাৰ উদ্যোগত অনুষ্ঠিত অসম প্ৰিমিয়াৰ আন্তঃক্লাব প্ৰতিযোগীতা এখনত অভিজ্ঞ আম্পায়ৰৰ দ্বাৰা উচ্চ মানদণ্ডৰ আম্পায়াৰিঙ সুনিশ্চিত কৰিবলৈ সমূহ খেলুৱৈৰ লগতে নগাঁও জিলাৰ ক্ৰীড়া প্ৰেমীসকলে কাতৰ অনুৰোধ জনাইছে যাতে নগাঁও ক্ৰীড়া সংস্থাই ভবিষ্যতে ক্ৰীড়া জগতত নিজৰ সুনাম অক্ষুন্ন ৰাখিব পাৰে