“নিবা নেকি উভতাই” – ঋষভ

pc emmalase

নিবা নেকি উভতাই

 

তুমি যে দিছিলা , তিনিতা পাত

ভাজ কৰি যোৱা কিতাপখন

আজিও মই সজতনে ৰাখিছোঁ ॥

থৈ দিছিলোঁ , পাতৰ ভাজে ভাজে তোমাৰ মোৰ

নাম লিখ কাগজখন ;

আজি নিবা নেকি ওভতাই ॥

ছান্দমাৰি ফ্লাই অভাৰৰ ক’লা বগা ৰেলিঙত বহি

কথা পতা দিনবোৰ

মেঘমন্নাৰ এপাৰ্তমেণ্টত ৰৈ যোৱা চিনবোৰ

সকলো বৰ সযতনে ৰাখিছোঁ ।

নিবা নেকি ওভতাই ॥

তোমাৰ সিদিনা হেৰোৱা কাণফুলি পাত

মোৰ চোলাৰ জেপতে পাবা

তুমি আকৌ আহিবা বুলিয়ে ৰাখিছিলোঁ লুকুৱাই

লৈ যাবা ওভতাই।

আৰু এটা কথা ,

সোণালী চাৰিসীমা দিয়া তোমাৰ চিঠিখন

সেই কিতাপখনৰ মাজতে সোমোৱা আছে

তোমাৰ নামটোৰ লগত অইন কোনোবাৰ নাম

কিবা ভাল লগা নাই……

লৈ যাবা ওভতাই ॥

 

ঋষভ