নিটি আয়োগে প্ৰকাশ কৰা তালিকাত ঊর্ধ্বমুখী স্থান অসমৰ

Pc Insights

নিটি আয়োগে প্ৰকাশ কৰা তালিকাত ঊর্ধ্বমুখী স্থান অসমৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নিটি আয়োগে ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষৰ তুলনামূলক বিশ্লেষণত অসমৰ স্বাস্থ্যখণ্ড অতি দ্ৰুতগতিত আগবাঢ়িছে বুলি ইতিবাচক দিশ বিচাৰি পাইছে। নিটি আয়োগে প্ৰকাশ কৰা ৰাজ্যভিত্তিক স্বাস্থ্য সূচকৰ চতুৰ্থ সংস্কৰণত দেখা গৈছে ২০১৮-১৯ বিত্তীয় বৰ্ষতকৈ ২০১৯-২০ বিত্তীয় বৰ্ষত অসমৰ স্বাস্থ্য খণ্ডত সামগ্ৰিকভাৱে ৪.৩৪ শতাংশ উন্নতি ঘটিছে। অসমে স্বাস্থ্যখণ্ডৰ আনুপাতিক উন্নয়নৰ হাৰত উত্তৰ প্ৰদেশৰ (৫.৫২) পাছত দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে।২০১৮-১৯ বিত্তীয় বৰ্ষত স্বাস্থ্যখণ্ডত দেশৰ ১৯খন বৃহৎ ৰাজ্যৰ ভিতৰত অসমৰ স্থান আছিল ১৫ নম্বৰত। পিছে নিটি আয়োগৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ সমীক্ষাত দেখা গ’ল অসমে পূৰ্বৰ ১৫ নম্বৰ স্থানৰ পৰা ১২ নম্বৰ স্থানলৈ উন্নীত হৈছে। স্বাস্থ্যখণ্ডত আটাইতকৈ উন্নীত ৰাজ্য হিচাপে অসমে বৃহৎ ৰাজ্যসমূহৰ ভিতৰত স্থান লাভ কৰিছে। নিটি আয়োগে প্রকাশ কৰা তথ্য অনুসৰি বৰ্তমানে (২০১৯-২০) স্বাস্থ্যখণ্ডত অসমৰ সূচক হৈছে ৪৭.৭৪ ২০১৮-১৯ত আছিল ৪৩.৪০।