নিঝৰিণী- ৰাজলক্ষ্মী বৰঠাকুৰ

pc peakpx

নিঝৰিণী

জিৰিজিৰি বৈ যায় নিঝৰিণী
পৰ্ববত পাহাৰ বাগৰি ভৈয়ামলৈ বুলি,
মৰম, ভালপোৱা, সুখ -দুখ
সকলোবোৰ বুকুত সাবটি
বৈ যাই নিঝৰিণী নিৰবধি।
আৰু তাইৰ বুকুৰ সেউজীয়াখিনিত
জিপাল হৈ উঠে সৃষ্টিৰ কঠিয়াতলি।
সত্য সুন্দৰৰ সাধনাৰে
সদায়ে সজীৱ হৈ থাকক
নিঝৰিণীৰ বুকুৰ সেউজীয়াখিনি।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট