নিচাসক্তি : বৰ্তমান সময়ৰ এক মহাব্যাধি – সত্যজিৎ কলিতা

PC-addctioncentre

নিচাসক্তি : বৰ্তমান সময়ৰ এক মহাব্যাধি

নিচাসক্তি বৰ্তমান সময়ত সমগ্ৰবিশ্বত মহাত্ৰাস সৃষ্টি কৰা এক মহাব্যাধি। বিশ্বৰ প্রতিটো চুকে কোণে সিঁচৰতি ই এক দুৰন্ত গতিৰে প্ৰৱাহমান এজাক বিধ্বংসী কালধুমুহা। ই মহাব্যাধি এইডছ ৰ ভয়াবহতাৰ সীমা অতিক্ৰম কৰি মানৱ সভ্যতাৰ সন্মুখত থিয় হোৱা এক দানৱ। যাৰ আত্মপ্ৰকাশে কোঙা কৰিছে মানৱ সভ্যতা সংস্কৃতিৰ ৰাজহাড়।
নিচাসক্তি- সি লাগিলে সুৰাপানৰ দ্বাৰাই সৃষ্ট হওঁক নতুবা মাদক দ্ৰৱ্য সেৱন দ্বাৰাই হওঁক , বৰ্তমান চিকিৎসা বিজ্ঞানৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এক অনুপেক্ষণীয় দুৰাৰোগ্য মহাব্যাধি। ই এক ৰাসায়নিক নিৰ্ভশীল (Chemical Dependence) বা মানসিকতা পৰিৱৰ্তন সাধানকাৰী (Mind Alerting) বেমাৰ হিচাপেও আজি জনাজাত। শেহতীয়া গৱেষণাত ই এক মাৰাত্মক পাৰিবাৰিক ৰোগ হিচাপেও স্বীকৃতি লাভ কৰিছে। মুঠতে এটা পৰিয়ালত এজন নিচাসক্তি লোক থকা মানেই গোটেই পৰিয়ালৰ আন আন লোকেও এই বেমাৰৰ ভোগাটো নিশ্চিত। পৰিয়ালৰ এজন নিচাসক্তিৰ কৰ্ম কাণ্ডই এটা পৰিয়ালৰ সমস্ত পৰিচালনা ব্যৱস্থাকেই নিয়ন্ত্ৰণহীনতাত ভোগাব পাৰে। এই পাৰিবাৰিক সম্বন্ধ চেডেলিভেদেলি কৰি দিব পাৰে। এক ভয়ানক সামাজিক বিশৃঙ্খলতাৰ জন্ম দিব পাৰে।
আজি প্ৰায় নিশ্চিত হৈছে যে অত্যাধিক নিচাসক্তিত ভোগা এজন ব্যক্তিয়ে চাৰিটা আৱশ্যকীয় কৰুণ পৰিণতিৰ মুখ মুখী হবলৈ বাধ্য। প্ৰথম, অকাল মৃত্য। দ্বিতীয়, কাৰাবাস। তৃতীয়, পুনৰ সংস্থাপনৰ(Rehabilitation Centre) কেন্দ্ৰৰ আশ্ৰয় গ্ৰহণ। চতুৰ্থ, মানসিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ।
দৰাচলতে জন্মৰ সময়তে মানুহে নিচাসক্তি ক লগত লৈ নাহে। পৰিবেশৰ সংস্পৰ্শলৈ অহাৰ পিছত মানুহে নিচাসক্তিৰ পথ বাছি লয়। এজন মানুহে বহু কাৰণ বা কাৰকৰ বাবে নিচাসক্তি ৰ পথ বাছি লব পাৰে। নিগেটিভ আবেগসৰ্বোচ্চ প্ৰৱণতাই জন্ম দিয়া খং, ভয়, সন্দেহ হীনমান্যতা, আত্মবিশ্বাসহীনতা, স্বপ্ন ভংগৰ বেদনা, অনিশ্চয়তা আদি বিভিন্ন কাৰকৰ প্ৰভাৱত বিশেষকৈ নৱ যুৱ প্ৰজন্মই নিচাসক্তি ৰ পথ বাছি লোৱা দেখা যায়। নিচাসক্তি ৰ অন্তৰ্নিহিত বৈজ্ঞানিক বিশ্লেষণ ত দেখা পোৱা যায় যে নিচাসক্তি ৰ মূল কাৰণ- নতুন সামাজিক পৰিবেশ আৰু পিতৃ-বংশলতাৰ কাৰোবাৰ পৰা পোৱা ‘জিন’ ৰ সামান্য প্ৰভাৱ আৰু বন্ধু বান্ধৱৰ সৈতে ঘটা নিগেটিভ অভিজ্ঞতাৰ আদান প্ৰদান।
নিশাসক্তিয়ে এজন মানুহৰ জীৱনত প্ৰধান চাৰিটা ক্ষতিসাধন ঘটায়। ১। দৈহিক বিকাৰ,২। মানসিক বিকাৰ, ৩। অৰ্থনৈতিক বিপর্যয়, আৰু ৪। আধ্যাত্মিক আধ:পতন। পৰিয়ালৰ মাত্ৰ এজন নিশাসক্তিৰ বাবেও সোণৰ সংসাৰ এখন ধ্বংস হব পাৰে। অলপ অনুসন্ধিৎসু দৃষ্টিৰে অনুধাৱন কৰিলেই সেই সত্যৰ জিলিঙনি দেখিবলৈ পাব বৰ্তমানৰ ভালেমান পৰিয়ালত। অৱশ্যেই বহুতেই সামাজিক গৰিহণাৰ ভয়ত , তথাকথিত ভদ্ৰতাৰ মুখা এখন পিন্ধি লৈ এই জ্বলন্ত সত্যক ঢাকিবৰ আপপ্ৰয়াস কৰে। বহুতৰেই বেমাৰটো সম্পৰ্কীয় স্পষ্ট ধাৰণা এটা নাই যেন অনুমান হয়। বহুতেই পুনঃ সংস্থান কেন্দ্ৰবোৰৰ কথাও নাজানে। বহুতেই আকৌ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ গ্ৰহ পূজা, তন্ত্ৰ মন্ত্ৰ আদিৰ আশ্ৰয় লৈ এই দুৰাৰোগ্য বেমাৰটোৰ পৰা পৰিত্ৰাণৰ ভুল পথ বিচাৰে। এই নিশাসক্তি ৰ বাবেই বৰ্তমান প্ৰায়ভাগ পথ দুৰ্ঘটনা, পাৰিবাৰিক সংঘাট, অকাল মৃত্যু লেখীয়া বেয়া ঘটনা বোৰ ঘটিব ধৰিছে। নিচাজাতীয় সামগ্ৰীৰ বাবে ভাৰতবৰ্ষ এখন বৃহৎ বজাৰলৈ ৰূপান্তৰিত হৈছে। এক বৃহৎ সংখ্যক ৰাজহ চৰকাৰে এইখন বজাৰৰ পৰাই আদায় কৰে। এইক্ষেত্ৰত আমাৰ অসমো বাদ নপৰে। বৰ্তমান আমাৰ সোণৰ অসম নিচাগ্ৰস্তৰ বাবে ভূ-স্বৰ্গ।
এই মহাব্যাধি ৰ পৰা ৰক্ষা পাবলৈ আমাৰ সমাজ বা দেশত যি ধৰণৰ সজাগতা আন্দোলনৰ প্ৰয়োজন আছিল সেয়া হৈ উঠা নাই। চৰকাৰী বা বেচৰকাৰী যি মুষ্টিমেয় স্বেচ্ছাসেৱী সংস্থা বোৰে এইক্ষেত্ৰত কাম কৰি আছে সেইবোৰৰ গুৰুত্ব বেচিভাগ নাগৰিকে উপলব্ধি কৰিব পৰা নাই। এই মহাব্যাধিৰ ভয়াবহতা যদি এক সামূহিক প্ৰচেষ্টাৰে উন্নীলন কৰিব পৰা নাযায় তেতিয়াহলে অতি সোনকালেই আমি এক সাংঘাটিক জাতীয় দুৰ্যোগৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত। এই মহাব্যাধি ৰ সর্বগ্রাসি বিস্তাৰত আমাৰ ভালেমান অমূল্য সম্পদ ৰ অকাল পতন অৱশ্যম্ভাৱী।
নিশাসক্তি ৰ মুখ্য কাৰকবোৰৰ বৈজ্ঞানিক বিশ্লেষণ, আৰু সম্প্রতিক সময়ৰ অৱক্ষয় প্ৰাপ্ত শক্তিৰ পুন:জাগৰণ, এক দিক নিৰ্ণয়কাৰী সামাজিক দ্বায়িত্ব বোধৰ উত্থান, নেতিবাচক চিন্তাক ইতিবাচক চিন্তালৈ ৰূপান্তৰকৰণ, এক বৃহৎ জনকল্যানমুখী পৰিৱৰ্তনৰ মহাযজ্ঞ পালনত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ আত্মনিয়োজনে এই মহাব্যাধিৰ পৰা ৰক্ষা পাম। অন্যথা ইয়াৰ দ্বিতীয় বিকল্প নাই।