নিগনিৰ মেল – চম্পক বেজবৰুৱা

pc.- Shutterstock

নিগনিৰ মেল 

ঘৰৰ চিলিঙত বহি নিগনিবোৰে
পাতিলে এখন মেল ,
ভঁৰাল ঘৰত সোমাবলৈ
চলিল চিন্তাৰ খেল ।

ভঁৰাল ঘৰৰ কাষৰ কোঠাত
বুঢ়া থাকে শুই ,
শব্দ পালে উঠি বুঢ়াই
লগাব হৈ – চৈ ।

কেনেবাকে ওলাই যদি বোন্দা মেকুৰী
লগাব মিউ মিউ মাত ,
ভয়তে গোটেই নিগনিৰ
জীউ নাইকিয়া হ’ব গাত ।

সাৱধানে ভঁৰালত সোমাই
লগে ভাগে খাম ,
মিউ মিউ মাত পালেই
লৰালৰি পলাম ।

চম্পক বেজবৰুৱা
নলবাৰী (অসম)
ফোনঃ ৭০৯৯৭ – ৯৬২৯৪