নিউমʼনিয়া আৰু সঠিক খাদ্যভ্যাস – ডাঃ বিজিতা চুতীয়া 

pc- Mayo Clinic

নিউমʼনিয়া আৰু সঠিক খাদ্যভ্যাস – ডাঃ বিজিতা চুতীয়া 

আমি সকলোৱে জানে যে স্বাস্থ্য ৰক্ষাৰ খাদ্যৰ ভূমিকা অপৰিসীম। ইয়াৰ উপৰিও আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা(Immunity) সম্পূৰ্ণৰুপে খাদ্যভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। পুষ্টিকৰ খাদ্যই আমাৰ দেহত ৰোগ-বীজাণুক প্ৰতিহত কৰি স্বাস্থ্য ৰক্ষা কৰে। আয়ুৰ্বেদত সেয়েহে কৈছে যে- যদিহে আমি বিসংগতিপূৰ্ণ খাদ্য গ্ৰহণ কৰো তেন্তে ঔষধৰ কোনো মূল্য নাই আনহাতে যদিহে আমি সঠিক খাদ্য গ্ৰহণ কৰো তেন্তে ঔষধৰ কোনো প্ৰয়োজন নহʼব। সেয়েহে আজি আমি নিউমʼনিয়াৰ খাদ্যৰ গুৰুত্ব সৰ্ম্পকে জানিবলৈ চেষ্টা কৰিম।

নিউমʼনিয়ানো কি?- হাঁওফাঁও বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা অৱস্থাটোৱেই নিউমʼনিয়া। নিউমʼনিয়া হʼলে সদায় বতাহেৰে ফুলি থকা হাঁওফাঁও দুটাৰ পাতল গুণটো নাইকিয়া হৈ গধুৰ অৱস্থা এটা প্ৰাপ্ত হয়। ইয়াৰ ফলস্বৰূপে কাহঁ, জ্বৰ, কঁপনি আৰু উশাহ লোৱাত কষ্ট হয়। যদিহে দুয়োটা হাঁওফাঁও আক্ৰান্ত হয় তেন্তে ডাʼবল নিউমʼনিয়া বুলি জনা যায়।

নিউমʼনিয়া বিভিন্ন ধৰণৰ হʼব পাৰে, যেনে- বেক্টেৰিয়েল নিউমʼনিয়া, ভাইৰেল নিউমʼনিয়া, ফাংগেল নিউমʼনিয়া।

নিউমʼনিয়া কাৰ বেছিকৈ হয়যিকোনো মানুহ নিউমʼনিয়াত আক্ৰান্ত হʼব পাৰে যদিও শিশুসকল যাৰ বয়স ২ বছৰ বা তাতকৈ কম আৰু ৬৫ বছৰ বা তাতোধিক বয়সৰ লোক বেছিকৈ আক্ৰান্ত হোৱা দেখা য়ায। ইয়াৰ উপৰিও তলত উল্লেখিত লোকসকল নিউমʼনিয়াত আক্ৰান্ত হয়-

১) যিয়ে নিয়মিতৰূপে ধূমপান আৰু এলকহল গ্ৰহণ কৰে।

২) ৰোগ প্ৰতিৰোধী ক্ষমতা কমি গʼলে।

৩) অপুষ্টিত ভূগিলে।

৪) ইনফ্লুৱেঞ্জা ৰোগত ভোগাৰ পিছত

৫) GERD (Gastro esophageal reflux disease)ৰ ঔষধ সেৱন কৰি থাকিলে।

নিউমʼনিয়াৰ লক্ষণ–  নিউমʼনিয়া হʼলে তলত উল্লেখ কৰা লক্ষণ সমূহ দেখা দিব পাৰে, যেনে-

১) জ্বৰ, কপঁনি

২) কাঁহ, কাঁহৰ লগতে তেজ থকা কফ ওলায়।

৩) উশাহ ঘন হয়।

৪) বুকুৰ বিষ।

৫) বমি, ডায়েৰিয়াৰ লগতে ঘামি যায়।

৬) মূৰ বিষ আৰু গাৰ বিষ হয়।

৭) পালছু খুব খৰ হয়, গাটো গৰম আৰু শুকান হয়।

নিউমʼনিয়াৰ ডায়েগনʼচিছ–  নিউমʼনিয়াত ষ্টেথʼস্কপেৰে শুনিলে পানীৰ মাজেৰে বতাহ পাৰ হৈ যোৱা যেন শুনিব লগতে খৰ খৰনি ধৰণৰ শব্দ শুনিবলৈ পোৱা যায়। তলত উল্লেখিত পৰীক্ষা সমূহৰ পৰা নিউমʼনিয়া নিশ্চিত কৰিব পাৰি-

১) ব্লাড টেষ্ট- ইয়াত TC বা total court বহু বাঢ়িব DLC ত Polymorph বাঢ়িব।

২) চেষ্ট এক্স-ৰে- ইয়াত হাঁওফাঁওৰ অংশ বগা দেখাৰ

৩) পালছ অক্সিমেট্ৰি

৪) স্পুটাম টেষ্ট

৫) চি.টি স্কেন

৬) প্লুৰেল ফ্লুইড কালচাৰ ।

আয়ুৰ্বেদত নিউমʼনিয়াক “শ্বসনক জ্বৰ” নামেৰে জনা যায়। যিধৰণৰ খাদ্য আৰু জীৱনশৈলীৰ প্ৰভাৱত আমাৰ শৰীৰৰ দোষসমূহ প্ৰক্ষোপিত হয় সেইসমূহ বৰ্জন কৰিবলৈ আয়ুৰ্বেদত উল্লেখ কৰিছে। আয়ুৰ্বেদত নিউমʼনিয়াৰ চিকিৎসাৰ বাবে বহুতো ঔষধি দ্ৰৱ্যৰ উল্লেখ আছে। সেইসমূহ হৈছে- শিৰিষ, বাহকা, অনন্তমূল, ডালচিনি, ভাৰ্গী, মধুয়ন্টী, হৰিদ্ৰা, নিম, অশ্বগন্ধা ইত্যাদি।

নিউমʼনিয়াত খাদ্য- নিউমʼনিয়া হʼলে আমাৰ শৰীৰৰ শ্বাস প্ৰশ্বাস প্ৰণালী সবল কৰাৰ লগতে ৰোগ প্ৰতিৰোধীক্ষমতা বঢ়াবলৈ সঠিক খাদ্যাভ্যাসৰ প্ৰয়োজন হয়। তেতিয়াহে আমাৰ শৰীৰটো ৰোগ সৃষ্টিকাৰী বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হʼব।

১)শাক পাচলি আৰু ফলমূলত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে। এম্টিঅক্সিডে্ন্টে আমাৰ শৰীৰটো যিকোনো ইনফেকচন আৰু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। চাইট্ৰাচ ফলমূল, বেৰী, সেউজীয়া শাক- পাচলি, বিলাহী আদি এন্টিঅক্সিডেন্টৰ উত্তম উৎস।

২) যথেষ্ট পৰিমাণে পানী, ফলমূলৰ ৰস, বিভিন্ন পানীয়ে খোৱা উচিত।

৩)ওমেগা-৩ ফেটি এচিড যুক্ত খাদ্য, সাগৰীয়া মাছ চালমন ইত্যাদি খোৱা উচিত।

৪) দুগ্বজাত খাদ্য, চেনি, আটা, কফি, চাহ, চʼডা আৰু মাংস পৰিত্যাগ কৰা উচিত।

৫) ষ্টাৰ্চ জাতীয় খাদ্য যেনে ভাত, বাৰ্লি, কৰ্ণ এইসমূহ সীমিত পৰিমাণে খাব লাগে।

৬) এচিডবিহীন বা কম এচিডযুক্ত ফলমূল খোৱা উচিত।

৭) হাৰ্বেল টী যথেষ্ট উপকাৰী। লেভেণ্ডাৰ, নেমু, পদিনা, অৰিগেনʼ, ৰʼজমেৰি, ইউকেলিপটাচ, ফেনুগ্ৰিক ইত্যাদিৰ চাহ বনাই খাব পাৰে।

৮) প্ৰʼবায়টিক যেনে বিফিডʼফিলাচ ইত্যাদিয়ে আমাৰ ৰেগ প্ৰতিৰোধী তন্ত্ৰ শক্ৰিশালী কৰি তোলে। প্ৰʼবায়টিক ৰাতিপুৱা খালী পেটত, ৰাতি শুবলৈ যোৱাৰ আগতে গ্ৰহণ কৰা উচিত। প্ৰʼবায়টিক খোৱাৰ পিছত কফি খোৱা অনুচিত।

৯) আদা আৰু কেপচিকাম যথেষ্ট উপকাৰী। আদাই কফ উলিয়াই দিয়াত সহায় কৰাৰ লগতে সংকুচিত সাংসপেশী প্ৰসাৰণত সহায় কৰে।

১০) জলফাই গছৰ পাতত যথেষ্ট উপকাৰী।

১১) ইলাচি শ্বাস- প্ৰশ্বাসজনিত সমস্যাত যথেষ্ট উপকাৰী।

নিউমʼনিয়া নিৰাময়ৰ প্ৰাকৃতিক বিধান

১) ৫ টোপাল পদিনা তেল, ৪ টোপাল চন্দন তেল, ৩ টোপাল পাইনৰ তেল গৰম পানীত উতলাই লৈ এইখিনি নাকেৰে উশাহ টানিব লাগে।

২) ২ লিটাৰ পানী এটা জাৰত ঢালি লʼব। ইয়াত ১ চামুচ Himalayan Salt  আৰু এটা নেমু কাটি মিহলাই জাৰৰ ঢাকনি খন বন্ধ কৰি ১২ৰ পৰা ২৪ ঘন্টা এনেদৰে ৰাখিব। ৰাতিপুৱা খালী পেটত এই পানী খাব।

৩) কুহুমীয়া গৰম পানীৰ লগত নিমখ মিলাই কুলিকুলি কৰিব।

৪) আদা আৰু হালধি মিহলি চাহ খালে নিউমʼনিয়াৰ ফলত হোৱা বুকুৰ বিষ কমে।

৫) কপঁনি কমাবলৈ গৰম পানী, হাৰ্বেল টী, চুপ ইত্যাদি খোৱা উচিত।

৬) নিউমʼনিয়াৰ লগতে অন্যান্য ইনফেকচনৰ পৰা হাত সাৰি স্বাস্থ্যৱান হৈ থাকিবলৈ যথেষ্ট বিশ্ৰাম আৰু টোপনি অত্যন্ত জৰুৰী।

গতিকে নিউমʼনিয়া হʼলে উপৰোক্ত নিয়মাৱলীসমূহ মানি চলাৰ লগতে ততালিকে চিকিৎসৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

ডাঃ বিজিতা চুতীয়া

বি.এ.এম.এচ., এম.ডি.

চিকিৎসা বিষয়া(আয়ুৰ্বেদিক)

জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ