নিঃসঙ্গতা – পদ্ম শঙ্কৰ চৌধুৰী

pc goop

নিঃসঙ্গতা

জীৱনৰ চাকনৈয়াত
হথাতে তুমি উদ্ভাসিত‌ হোৱা
কোলাহল তোমাৰ নহয় কাম্য।
নীৰৱতা স্পৃহতুৰা নহয় নে তুমি?
মৰিশালীত তোমাকে দেখা পাওঁ,
স্থিতপ্ৰজ্ঞ হ’বলৈ নজনোৱা নে আহ্বান।
সৃষ্টিৰ বীজ তোমাতেই হয় অঙ্কুৰণৰ,
কবিৰ কবিতাৰ তুমিয়েইতো আকৰ।
তুমি সিঁচি দিয়া আনন্দৰ স্ফুৰণ,
ভৱিষ্যতৰ আহ্বান তোমাতে হয় অঙ্কন।
জীৱনৰ ঘাট-প্ৰতিঘাট শান্তিৰ দলিচা।
সংকল্পৰ প্ৰতিশ্ৰুতি তুমিয়েই তো দিছা।
তোমাৰ প্ৰেম স্পন্দনৰ আতুৰ বাৰু নহয় কোন?
তোমাক আলিঙ্গি কতজনে ৰচে সপোন।
তুমিয়েইতো সাঁকো জীৱন যুঁজৰ,
তোমাৰ অবিহনে মাদকতা নিষ্প্ৰাণ জীৱনৰ।
জীৱন জুখাৰ তুমি নহয় নে আহিলা?
জীৱনৰ চাকনৈয়াত
তুমি উদ্ভাসিত হৈ
কতজনৰ হৃদয়ত বোৱাইছা শান্তিৰ নিজৰা।
নিঃসঙ্গতাত লুকাই থাকে কত কল্পনা,
জীৱন সংগ্ৰামৰ পৰিকল্পনা।
সুখ দুখৰ হিচাপ ইয়াতে লয়,
বিগত জীৱনৰ ত্ৰুটিৰ শুধৰণিৰ সংকল্পয়।

পদ্ম শঙ্কৰ চৌধুৰী
অৱসৰপ্ৰাপ্ত শিক্ষক।