” নাৰী “- হিমাদ্ৰী বৰকটকী

pc www.womensday.com

” নাৰী “

নাৰী তুমি অনন্যা

তোমাৰ মাজতে লুকাই আছে

ধৈর্য,সহ্য সকলো গুন

তোমাৰ মৌ বৰষা

 মৰম উপচা হিয়াৰ

অক্লান্ত কষ্টই

দিয়ে পুৱাৰ বতৰা

বুজাব নোৱাৰোঁ তোমাৰ

চেনেহৰ বিশালতা কিমান

তোমাৰ ত্যাগৰ গভিৰতা কিমান

তুমি মহিয়সী তুমি জন্মদাত্রী

তুমি পতিব্রতা সহনশীল নাৰী

তোমাৰ তুলনা নাই এই পৃথিৱীত

তুমি বিৰামহীন, তুমি অন্তহীন

জন্ম-জন্মান্তৰে শিখৰত তুমি

হিমাদ্ৰী বৰকটকী
শিৱনগৰ, ২ নং উপপথ ,নগাঁও