নাৰী তুমি অন্যন্যা- প্ৰস্তুতি শৰ্মা

pc.-Pinterest

নাৰী তুমি অন্যন্যা

মইতো নহয় পাগল প্ৰেমিকা
প্ৰেমৰ বোকোচাত উঠি ফুৰা
মই তো ধষিৰ্তা নহয়
মই ও এগৰাকী মা।

সেই ৰাতি বোৰ আহিলে
আজিও ভয় লাগে
ওপজে মাথো ঘৃণা
সেইযে সিহঁতবোৰ সিহঁত মানুহ নহয়।

মোৰ ওপৰত ইমান অত্যাচাৰ কিয়?
মোক কিয় দেৱীৰ দৰে পূজা কৰা,
কিয় আকৌ মোৰ ওপৰত জপিয়াই পৰা হিংস্ৰ প্ৰাণীৰ দৰে ,,
অথচ মই
গৰ্ভৰ সৃষ্টিৰ পৃষ্ঠা,
মোৰ নামেই নাৰী।।

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়