নাছাৰ বিষয়াৰ দাবী,২০৩০ চনৰ আগতেই চন্দ্ৰত বাস কৰিব পাৰিব মানুহে

নাছাৰ বিষয়াৰ দাবী,২০৩০ চনৰ আগতেই চন্দ্ৰত বাস কৰিব পাৰিব মানুহে

ৰঙিলী বাৰ্ত্তাসেৱা- আৰ্টেমিছ ৰকেটৰ সফল উৎক্ষেপণৰ পাছত নাছাৰ এজন অগ্রণী বিষয়াই কয় যে এই দশকৰ অন্তৰ আগতেই মানুহে চন্দ্ৰত বাস কৰিব পাৰিব। ‘দ্য গার্ডিয়েন’ কাকতত প্ৰকাশ পোৱা এটা বাতৰি মতে, আমেৰিকাৰ নাছাৰ অৰিয়ন চন্দ্ৰ মহাকাশযান কাৰ্যসূচীৰ মুৰব্বী হাৱাৰ্ড হবে কয় যে, থাকিবলৈ বাসস্থান আৰু কামৰ বাবে ঘূৰিবলৈ সুবিধাৰ সৈতে মানুহে ২০৩০ চনৰ আগতেই ‘নিৰ্দিষ্ট কাল’ৰ বাবে সক্ৰিয় হৈ থাকিব পাৰিব। তেওঁ কয়, ‘নিশ্চিতভাৱে এই দশকটোত আমি কিমান দিন থাকিম তাৰ ওপৰত নিৰ্ভৰ কৰি, নিৰ্দিষ্ট সময়ৰ বাবে তাত মানুহ বাস কৰিব।তেওঁলোকৰ বাসস্থান থাকিব, মাটিত তেওঁলোক অহা-যোৱাৰ বাবে ৰ ‘ভাৰ থাকিব। আমি চন্দ্ৰপৃষ্ঠলৈ মানুহ পঠিয়াম আৰু তেওঁলোকে চন্দ্ৰপৃষ্ঠত থাকিব আৰু বিজ্ঞানৰ কাম কৰিব।’উল্লেখযোগ্য যে অৰিয়ন মহাকাশযান সফলতাৰে যোৱা বুধবাৰে ফুৰিডাৰ কেপ কেনেভেৰালৰ পৰা উৎক্ষেপণ কৰা হৈছিল।হাবার্ড হবে কয় যে, অৰিয়ন মহাকাশযান কঢ়িয়াই নিয়া আর্টেমিছ ৰকেট উৎক্ষেপণ হৈছে ‘মানুহে কৰোৱা মহাকাশ উৰণৰ ঐতিহাসিক দিন।