নাওঁ বুৰিলেও টিঙত পৰা নানামে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

নাওঁ বুৰিলেও টিঙত পৰা নানামে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নাওঁ বুৰিলেও টিঙত পৰা নানামে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।কীৰ্তিকমলক নিৰ্দোষী বুলি নাভাৱে আনন্দ মিশ্ৰই।ছাত্ৰ নেতা কীৰ্তিকমলক ড্ৰাগছ কাণ্ডৰে সাঙুৰি নিজক দোষ ঢকাৰ চেষ্টা অব্যাহত ৰাখিছে আনন্দ মিশ্ৰই।সংবাদ মাধ্যমৰ আগত তেওঁ গা বচোৱা মন্তব্য দিয়া পৰিলক্ষিত হৈছে।আজি এক সংবাদ মেল যোগে আনন্দ মিশ্ৰই কয় যে,”ড্ৰাগছৰ বিৰোধী অভিযানক নিষ্ক্ৰিয় কৰিবলৈ এইয়া একাংশৰ ষড়যন্ত্ৰ।আৱেগ আৰু ৰাজনৈতিক হেঁচাত সিদ্ধান্ত ল’লে নহ’ব।সত্য এতিয়াও এন্ধাৰত আছে।”উল্লেখ্য যে, নগাঁৱৰ এণ্টি নাৰ্ক’টিক স্কোৱাডৰ মূল হোতা আছিল আনন্দ মিশ্ৰ।নগাঁও কাণ্ডত চৰকাৰী তদন্ততে আৰক্ষীৰ ভুল প্ৰমাণিত হোৱাৰ পাছত জবাবদিহি হ’বলগীয়া হৈছে অসম আৰক্ষীৰ বৰমূৰীয়াসকল।এই গুলীচালনা কাণ্ডৰ মূল অভিযুক্ত প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক’টিক স্কোৱাডো ভংগ কৰি দিয়া হয় আৰু তাৰ আন আন সদস্যসকলক তৎকালীনভাৱে বদলি কৰা হৈছে।এতিয়া এই ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়া হৈছে।চিবিআইৰ তদন্ত নিৰপেক্ষভাৱে সম্পন্ন কৰাৰ স্বাৰ্থতে আৰক্ষী অধীক্ষক মিশ্ৰক বদলি কৰাটো প্ৰয়োজন বুলি বিভিন্নজনে মন্তব্য কৰিছে।