নহবলগীয়া-শ্ৰী অভিজিত শেনচোৱা ঠিকনা- দেউবিল নপমীয়া গাঁও, শিৱসাগৰ

PC- BUSINESSSTANDARD
অপদীয়া পদ্য-২
শিৰোনামা- নহব লগীয়া
দেখি আছোঁ সপোন,
২০২২ত কৰিমেই তোক আপোন  ।
লম এইবাৰ ১ লাখত চাকৰি,
ইপিনে দেখোন মোৰ বেকল’গবোৰ দিবলৈ বাকী ।
পণ ললোঁ লমেই চাকৰি,
সেইয়া লাগিলে হওক মালী চৰকাৰী ।
পঢ়া শুনাৰ ধান্দা নাই,
দিনটু দেখোন সপোন দেখোঁতেই যায় ।
বাপেৰৰ হোটেলত আছোঁ পেট পেলাই খাই,
চাকৰি নহলেও নাই, মোৰনো কিটো যায় ।
পিছে শুনিলোঁ অথনি লাহৰী,
তোক হেনো নিব মাষ্টৰ চৰকাৰী ।
তাকে শুনি মোৰ মাথা ঘূৰাই যায়,
দুপেগ ডিঙিত পেলোৱাৰ বাহিৰে, বেলেগ উপায় নাই ।।
লেখক- শ্ৰী অভিজিত শেনচোৱা
ঠিকনা- দেউবিল নপমীয়া গাঁও, শিৱসাগৰ
যোগাযোগ- 8638431876