নলবাৰী ষ্টেচন ৰোডৰ মেৰামতিৰ দাবীত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মাণ্ডলিক বিষয়াক স্মাৰক পত্ৰ প্ৰদান

pc-DNA india

নলবাৰী,১৯ আগষ্ট:- নলবাৰী ষ্টেচন ৰোডৰ মেৰামতিৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে আজি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মাণ্ডলিক বিষয়াক নলবাৰী জিলা ষ্টেচন অধীক্ষকৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু সাঃসম্পাদক কৌশিক বৰ্মন স্বাক্ষৰিত স্মাৰক পত্ৰ যোগে বৰ্তমান নলবাৰী চহৰৰ অন্যতম ব্যস্ত পথচোৱা সম্প্ৰতি বিধ্বস্ত হোৱাত ৰাইজে বাৰুকৈয়ে জীয়াতু ভুগিব লগীয়া হৈছে, সেয়ে পথচোৱা নিৰ্মাণৰ তত্বাৱধানত থকা উত্তৰ-পূৱ সীমান্ত ৰেলৱেক অতিশীঘ্ৰে পথচোৱা মেৰামতিৰ বাবে দাবী জনায়। উল্লেখযোগ্য যে- নলবাৰী চহৰৰ মূল পথ সমূহৰ ওপৰত উৰনীয়া সেতু নিৰ্মানকে ধৰি পথসমুহৰ বহলীকৰণৰ কাম চলি থকাত নলবাৰী ষ্টেচন ৰোডটি বিকল্প পথ হিচাবে ৰাইজে ব্যৱহাৰ কৰি আহিছে যদিও ৰেলৱে বিভাগৰ চুড়ান্ত অমনোযোগিতা ৰ বাবে ৰাইজে যাতায়তৰ ক্ষেত্ৰত ত্ৰাহিমধুসুদন সুৱৰিবলৈ বাধ্য হৈছে। ৰেলৱে বিভাগে অতিশীঘ্ৰে পথচোৱা নিৰ্মানৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ বিৰুদ্ধে ৰাইজৰ সহযোগত তীব্ৰ গনতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্মাৰক পত্ৰ যোগে সকীয়াই দিয়ে যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে। by sahil mallick