নলবাৰীত সংঘটিত আৰক্ষী-ডকাইতৰ সংঘৰ্ষ

pc Pratidin Time

অনলাইন বাৰ্ত্তাসেৱা – আৰক্ষীয়ে লাভ কৰা গোপন তথ্যৰ ভিত্তিত যোৱানিশা ঘগ্ৰাপাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী আৰু নলবাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া  তপন কলিতাৰ নেতৃত্বত চলা এক অভিযানত নলবাৰীৰ মুগকুছিত এটা দুবৃত্তৰ দলৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰক্ষীৰ দলটো। আৰক্ষী আৰু ডকাইতৰ দলটোৰ মাজত গুলীয়াগুলী সংঘটিত হয়। এই সংঘৰ্ষৰ  ফলত ডকাইতৰ দলৰ ৩ জন- বক্কৰ ছিদ্দিক, বিজু আহমেদ আৰু ৰুবুল হুছেইন আহত হয়। প্ৰথমতে, আৰক্ষীলৈ লক্ষ্য কৰি গুলী নিক্ষেপ কৰিছিল দুবৃত্তৰ দলটোৱে আৰু তাৰ পিছত আৰক্ষীয়ে ইয়াৰ উচিত প্ৰত্যোত্তৰ দিয়ে। এই ডকাইতৰ দলটো ড্ৰাগছৰ লগতে আৰু বহুতো দুষ্কাৰ্য্যৰ সৈতে জড়িত হৈ আছিল। পুলিছে ড্ৰাগছৰ বিৰুদ্ধে কৰা অভিযানত এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে।