নলবাৰীত শিক্ষা মন্ত্ৰী ৰণোজ পেগু

by sahil mallick

নলবাৰীত শিক্ষা মন্ত্ৰী ৰণোজ পেগু

২৯ জুলাই, নলবাৰী:  নলবাৰীত উপস্থিত হল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু । ওলাব  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পুৰ্বেই আজি নলবাৰীত উপস্থিত হৈ পৰিদৰ্শন কৰিলে নলবাৰীৰ ঐতিহ্যপূৰ্ণ গঙ্গাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয় । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আশাবাদী শিক্ষামন্ত্ৰী ৰণোজ পেগুই সংবাদ মাধ্যমক কলে শুশৃঙ্খল ভাবেই কালিলৈ ঘোষণা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । একেদৰে অকল কামৰূপ গ্ৰাম্য আৰু নলবাৰী জিলাতহে নম্বৰ মুল্যায়ন সন্দৰ্ভত কিছু খেলিমেলি হৈছে যদিও বাকীবোৰ জিলাত সুন্দৰ ভাবে মুল্যায়ন হোৱা বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই । ছাত্ৰ ছাত্ৰীৰ নম্বৰ মুল্যায়ন কৰাত কোনো অসুবিধা হোৱা নাই বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে । আজি দুপৰীয়া নলবাৰীৰ এইখন গঙ্গাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰীৰ ঘোষণা অসমৰ বাবে গঙ্গাপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হব পাৰে আদৰ্শ । ক্ৰমাগত ভাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উন্নত হোৱাৰ লগতে প্ৰায় পঞ্চাশ লাখ টকা বৰঙনি সংগ্ৰহ কৰি আন্তঃগাঠনিৰ উন্নয়ন সাধন কৰি এই বিদ্যালয়ে এক আদৰ্শ দেখুৱাইছে বুলিও মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই । চৰকাৰী শিক্ষানুষ্ঠানৰ বাবে আদৰ্শ হব পৰা গঙ্গাপুখুৰী বৰকুৰিহা উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ঘোষণা মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত গঙ্গাপুখুৰী বৰকুৰিহা উচ্ছতৰ মাধ্যমিক বিদ্যালয়লৈ দিয়া হব বিশেষ অনুদান । মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত গঙ্গাপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক নতুনকৈ গঢ় দিয়াৰ বাবে ইতিমধ্যেই অসম চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে ৷ by sahil mallick