নলবাৰীত বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা- জাতীয় বীৰ অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী  ১৮ নৱেম্বৰ পৰা ২৫ নৱেম্বৰলৈ নলবাৰী জিলা প্ৰশাসনৰ উদ্যাগত নলবাৰী গৰ্ডন স্কুল খেলপথাৰত আঠ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে৷  আজি সপ্তমদিনটোত উক্ত কাৰ্যসুচীৰ অংশ স্বৰূপে আজি  গৰ্ডন  খেলপথাৰৰ পৰা এক বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি প্ৰদশৰ্নৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷উক্ত শোভাযাত্ৰাত জিলা খনৰ বিভিন্ন প্ৰান্তৰ দুই সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ লগতে চৰকাৰী কৰ্মচাৰী সকলে উক্ত শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে৷ইপিনে উক্ত সাংস্কৃতিক শোভাযাত্ৰা নলবাৰী জিলা উপায়ুক্তই শুভাৰম্ভ কৰি লাচিত বৰফুকনৰ কৰ্মৰাজিৰ বিষয়ে মন্তব্য আগবঢ়াই৷