নন্দিতা শ‌ইকীয়াৰ হত্যাকাণ্ডৰ তীব্ৰ বিৰোধিতাৰে নলবাৰীত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী

rongilibarta

নন্দিতা শ‌ইকীয়াৰ হত্যাকাণ্ডৰ তীব্ৰ বিৰোধিতাৰে নলবাৰীত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ছাহিল মালিক, নলবাৰী বাৰ্ত্তাসেৱাঃ– চিলাপথাৰৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শ‌ইকীয়াক বৰ্বৰোচিত আক্ৰমণৰ ফলত মৃত্যু হোৱা ঘটনাৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকা সময়তে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ অন্তৰ্গত জাতীয় মহিলা পৰিষদ, নলবাৰী জিলা সমিতিয়ে আজি নন্দিতা শ‌ইকীয়াৰ হত্যাকাণ্ডৰ তীব্ৰ বিৰোধিতা কৰি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। নলবাৰী চহৰৰ এন.টি ৰোড স্থিত পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১বজাৰ পৰা দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীটোত জাতীয় মহিলা পৰিষদৰ প্ৰায় অৰ্দ্ধ শতাধিক মহিলা প্ৰতিবাদ কাৰীয়ে নন্দিতা শ‌ইকীয়াৰ হত্যাকাণ্ডৰ ক্ষীপ্ৰ তদন্ত কৰক, অসমত ক্ৰমান্বয়ে বৃদ্ধি পোৱা নাৰী নিৰ্যাতন ৰোধ কৰক, নাৰী সুৰক্ষা নিশ্চিত কৰক, জাতীয় মহিলা পৰিষদ জিন্দাবাদ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। জাতীয় মহিলা পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভানেত্ৰী পম্পী দেৱী আৰু সম্পাদিকা যুতিকা শৰ্মাই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নাৰী নিৰ্যাতন ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে, ৰাজ্য চৰকাৰে সুকণ্যা আঁচনি কিম্বা স্কুটি বিতৰণ কৰিলেই নাৰী সুৰক্ষিত নহয় বুলি কটাক্ষ কৰি বক্তব্য আগবঢ়ায়। ইয়াৰ পিছত নাৰী সুৰক্ষা তথা নাৰী নিৰ্যাতন কাৰীক ক্ষীপ্ৰতাৰে কঠোৰ শাস্তি বিহাৰ দাবীসম্বলিত এখন স্মাৰক পত্ৰ নলবাৰী জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।