নদী বান্ধ নিৰ্মাণত ব্যাপক দুৰ্নীতি।।এটা বছৰ নহওঁ‌টেই বিধ্বস্ত বেগানদীৰ নদী বান্ধ

নদী বান্ধ নিৰ্মাণত ব্যাপক দুৰ্নীতি।।এটা বছৰ নহওঁ‌টেই বিধ্বস্ত বেগানদীৰ নদী বান্ধ।।

“”মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতপাৰা গাঁ‌ৱৰ এটা দীৰ্ঘদিনীয়া সমস্যা।যিতো সমস্যাই আজি ৩৫ টা বছৰে ভকতপাৰা গাঁ‌ৱবাসীক জলাকলা খোৱাই আহিছে।কিন্তু অপ্ৰাণ প্ৰচেষ্টাৰ ফলতো দৰং আৰু ওদালগুৰী জিলাৰ সীমান্তৱৰ্তী ভকতপাৰা গাঁ‌ৱৰ ৰাইজে এই সমস্যাই লগ এৰা নাই।।প্ৰতি বছৰে ভকপাৰা গাঁ‌ৱৰ কৃষক সকলে বেগানদীৰ ওপৰত নিৰ্মিত বৃহৎ কোটি টকীয়া জল সিঞ্চন প্ৰকল্পৰ পৰা পানী পোৱাৰ পৰিৱৰ্তে হতাশাঁ‌ত ভোগী আহিছে।।””অতি পৰিতাপৰ বিষয় মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতপাৰা গাঁ‌ৱৰ বেগানদীৰ ওপৰ নিৰ্মিত বৃহৎ লক্ষী বান্ধটো নিৰ্মাণৰ ক্ষেত্ৰত ২০০৮ চনৰ পৰা এতিয়ালৈ প্ৰায় ৩ বাৰকৈ চৰকাৰী আঁ‌চনীৰ ব্যৱধানত সৰ্বমুঠ ১০ কোটি টকা চৰকাৰী ধন অপচয় কৰাৰ পিছতো আজিলৈ ভকত পাৰা গাঁ‌ৱৰ লক্ষী বান্ধটো সঠিক ভাৱে গঢ় লৈ নুঠাত স্থানীয় ৰাইজে চৰকাৰ তথা ঠিকাদাৰলৈ ক্ষোভ উজাৰিছে।”স্থানীয় ৰাইজৰ অভিযোগ এই বান্ধটো নিৰ্মাণৰ সময়ছোৱাত চৰকাৰী বিষয়ববীয়াই ভালদৰে পৰ্যৱেক্ষণ কৰা নাই যাৰ বাবে বান্ধ নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নহওটেই বেগানদীৰ ওপৰত নিৰ্মিত লক্ষী বান্ধ বিধ্বস্ত হ’ব ধৰিছে ।আৰু এটা মন কৰিব লগিয়া কথা যে এই বান্ধটো এবাৰেই নহয়! বৰ্তমানলৈ তিনিবাৰকৈ নিৰ্মাণৰ বাবে আঁ‌চনীৰ অনুমোদন পোৱাৰ পিছতো পূৰ্ৱৰ দৰেই, কনো পৰিৱৰ্তন নহোৱাত স্থানীয় ৰাইজে জনপ্ৰতিনিধিক অৱগত কৰাইছিল যদিও সীমামূৰীয়া স্থানত অৱস্থিত বাসিন্দা বাবে ভকত পাৰা ৰাইজক কনো সহাৰী নজনোৱাৰ কথা প্ৰকাশ কৰে।কিন্তু এক প্ৰশ্ন উত্থাপন হয়।২০০৮ চনৰ পৰা বৰ্তমানলৈ তিনিবাৰকৈ চৰকাৰী আঁ‌চনী ৰূপায়ন হোৱা সৰ্বমুঠ ১০কোটি টকা ধনেৰে নিৰ্মাণ কৰাৰ পাছতো বান্ধটো কিয় সম্পূৰ্ণ কাৰ্যক্ষম ন’হল? এয়া কি কাৰণত হ’ব পাৰে! চৰকাৰী বিষয়ববীয়াৰ হেতালীত নে ঠিকাদাৰ, মেনাজাৰৰ ভ্ৰস্তাচাৰ সেয়া পৰৱৰ্তি পৰ্যায়ত হে লক্ষণীয় হ’ব।

অমৰজিৎ ৰাভাৰ প্ৰতিবেদন