নতুন মুখৰ ৰাইজৰ পচন্দৰ মুখ্যমন্ত্ৰীজন – ■ ফখৰুদ্দিন আহমেদ

নতুন মুখৰ ৰাইজৰ পচন্দৰ মুখ্যমন্ত্ৰীজন – ■ ফখৰুদ্দিন আহমেদ

ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ চুকে-কোণে, সৰু ডাঙৰ, শিক্ষিত-অশিক্ষিত, চাকৰিজীৱী ব্যবসায়ী আদি অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ এটি চিনাকি নাম, এটি চিনাকী কণ্ঠ। ১৯৯৪ চনত প্রয়াত মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ জৰিয়তে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদানৰ জৰিয়তে সংসদীয় ৰাজনীতিৰ মজিয়াত ভৰি দিছিল ড” হিমন্ত বিশ্ব শৰ্মাই। ১৯৯৬ চনত জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্রার্থিত্ব প্রদানেৰে অংশগ্ৰহণ কৰিছিল যদিও জালুকবাৰী বিধানসভা সমষ্টিৰ তদানিন্তন বিধায়ক তৃণ্ড কুমাৰ ফুকনৰ হাতত পৰাজয়বৰণ কৰিবলগা হৈছিল। প্রয়াত মুখ্যমন্ত্রী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াই ড° হিমন্ত বিশ্ব শৰ্মাক ১৯৯৪ চনতে ক্রীড়া আৰু যুব কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰি ড° শৰ্মাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ কথা প্ৰতিষ্ঠা কৰিছিল। কিন্তু বিগত ইং ২০০১ চনৰ পৰা ড° হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰতিক সময়লৈ জালুকবাৰী বিধানসভা সমষ্টিত অনিৰুদ্ধ গতিৰে জিকি আহিছে আৰু ভৱিষ্যতে জিকি থাকিব।

অসমৰ ৰাজনৈতিক জগতৰ এই পৰিক্ৰমাত অংশগ্ৰহণ কৰাৰ পূৰ্বে ১৯৯২ চনত অসমৰ ঐতিহ্য পুর্ণ শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়বাব লগতে নিষিদ্ধঘোষিত আলফা সংগঠনতো যোগদান কৰিছিল বুলি বাতৰি কাকত আদিত প্রকাশ পাইছিল। যদি তেওঁৰ সাম্প্ৰতিক সময়লৈ পাৰ কৰা জীৱন পৰিক্ৰমা ৰূপৰৈখিকভাৱে যি পর্যালোচনা কৰা যায় যে ইতিবাচক আৰু নেতিবাচক উভয় ভাবধাৰাৰ মাজত তেওঁৰ জীৱনত ইতিবাচক ভাবধাৰাৰ প্ৰভাৱ বহুত বেছি আৰু প্ৰয়োগাত্মক দিশতো পৰোপকাৰৰ প্ৰতি তেওঁৰ মনোযোগ মনকৰিবলগা ।

ড° হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু-মিত্ৰ সকলোৱে একেমুখে স্বীকাৰ কৰিবলগা বিশিষ্ট গুণটি হ’ল তেওঁৰ সাংগঠনিক দিশত থকা বিচক্ষণতা। একমাত্র এই বিচক্ষণতাৰ বাবেই কংগ্রেছদলে ২০০১, ২০০৬ আৰু ২০১১ চনত অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। পাছে এই কথা প্রতিপন্ন হৈছিল সংখ্যাগৰিষ্ঠ বিধায়কৰ লিখিতভাৱে সমর্থন পোৱাৰ পাছতো ৰাজীৱ আৰু ছোনিয়া তনয় ৰাহুল গান্ধীৰ মন গলাব নোৱাৰি যেতিয়া ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ২০১৬ চনৰ বিধানসভাৰ | নিৰ্বাচনত অসমৰ শদীয়াৰ পৰা ধুবুৰীলৈ ঘূৰি একক প্ৰচেষ্টাৰে অসমত পোন প্ৰথমবাৰৰ বাবে বিজেপি দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিলে। কংগ্ৰেছ দলৰ অৱস্থা সেই সময়ৰ পৰা সাম্প্ৰতিক সময়লৈ কেবল ড° হিমন্ত বিশ্ব শৰ্মাৰ সাংগঠনিক বিচক্ষণতা সমূহত পুনৰ বিধ্বস্ত হ’ল সেয়া প্রমাণ হ’ল চলিতবৰ্ষত অনুষ্ঠিত হোৱা অসমৰ বিধানসভাৰ নিৰ্বাচনত। পাছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তোষণৰ বলি হৈ দলত্যাগ কৰা প্ৰায়গৰাকী নেতা সম্প্রতি বিভিন্ন ৰাজ্যত মুখ্যমন্ত্ৰী হৈ আছে। তাৰে এগৰাকী পশ্চিমবংগৰ অগ্নিকন্যা মমতা বেনাৰ্জী আৰু অসমৰ ড° হিমন্ত বিশ্ব শর্মা অন্যতম। ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে বিগত ২০১১ চনৰ পৰা অসমৰ এগৰাকী ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হিচাপে চাবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ শিক্ষা আৰু বিত্ত দপ্তৰৰ মন্ত্ৰীৰূপে তেওঁ নতুনকৈ বিদ্যালয় প্রাদেশিকীকৰণ আইন সদনত গৃহীত কৰি ২০১৩ চনত প্ৰায় ৪২ হেজাৰ শিক্ষক কৰ্মচাৰীৰ চাকৰি প্রাদেশিকীকৰণ কৰি অসমৰ শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছিল।

অৱশ্যে তেনে সময়ৰ পৰা আৰম্ভ হৈছিল মুখ্যমন্ত্রী কেন্দ্রিক সংঘাত। কেন্দ্রীয় নেতৃত্বৰ অমনোযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিজৰ মনৰ উচ্চাকাংক্ষাক ৰূপায়ণ কৰাৰ মঞ্চ হিচাপে ভাৰতৰ আন এটি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিত ২০১৫ চনত যোগদান কৰি দেহৰ সৰ্বস্ব উজাৰি বিজেপিৰ সাংগঠনিক ভেটি অসমৰ চুকে-কোণে শদীয়াৰ পৰা ধুবুৰীলৈ শক্তিশালী কৰি তোলে। ২০১৬ চনত অসমত প্ৰতিষ্ঠা কৰা বিজেপিৰ জয়যাত্ৰাৰ অশ্বমেধ ঘোঁৰা কংগ্ৰেছ দলৰ বহু প্রতিক্ষিত আঁচনিৰ বজাৰখনে এইবছৰ ২০২১ চনতো স্তব্ধ কৰিব নোৱাৰিলে ৷ ৰাজনৈতিক যুদ্ধৰ ক্ষেত্ৰখনৰ পৰা যেন কংগ্ৰেছ তলমূৰ কৰি প্রস্থান কৰিব লগা হ’ল। কংগ্ৰেছে নিজেই তৈয়াৰ কৰা সেনাপতিৰ হাততেই যে পৰাজয় বৰণ কৰিবলগা হ’ল সেয়া এশ শতাংশই সত্য। বিগত ২০২০ চনৰ কোভিড-১৯ৰ যুদ্ধখনত অসমত ড° শৰ্মাই নিজকে একান্তভাৱে আত্মনিয়োগ কৰি অসমৰ স্বাস্থ্যখণ্ডত দেশৰ ভিতৰতে অনন্য মাত্ৰা প্ৰদান কৰাত সফল হৈছিল। সদ্যসমাপ্ত অসমৰ বিধানসভা নিৰ্বাচনত ড° হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে পৰিশ্ৰম, কষ্ট, ত্যাগ আৰু ধৈৰ্যৰে শদীয়াৰ পৰা ধুবুৰীলৈ নিৰ্বাচনী কার্যত ব্যস্ত হৈ পৰিছিল তেতিয়াই বুজিব পৰা গৈছিল যে প্ৰকৃততে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে ড° শৰ্মা অন্যতম দাবীদাৰ হৈ পৰিব। ফলস্বৰূপেই সম্প্ৰতি তেওঁ আজি অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনত আসীন হ’বলৈ উপযুক্তভাৱেই সমৰ্থৱান হ’ল।

ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনত কংগ্ৰেছী আৰু বিজেপিৰ কাৰ্যকৰ্তাৰূপে দুটি স্থিত সদ্য মুহূৰ্তলৈ দৃষ্টিগোচৰ হয়। প্রণিধানযোগ্য কথা যে কংগ্ৰেছ দল কৰি থকা আৰু বিজেপি দল কৰি থকা সময়ৰ তেওঁৰ মন্তব্যবোৰত আকাশ-পাতাল প্ৰভেদ থকাটো স্বাভাৱিক৷ অসমৰ ৰাজনৈতিক দল নিৰ্বিশেষে সকলো ৰাইজৰ তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। সেয়ে মুখ্যমন্ত্ৰী হিচাপে বিশেষকৈ দুই সভ্যতাৰ যুঁজ, মৌলানা বদৰুদ্দিন প্ৰসংগ আৰু অসমৰ মিঞা জনগোষ্ঠীৰ প্ৰতি অসৌজন্যতামুলক মন্তব্য সম্প্ৰতি ড° শৰ্মাৰ মুখৰ পৰা অসমৰ ৰাইজে শুনিবলৈ নিবিচাৰিব। প্ৰয়োজন সাপেক্ষে অসম চুক্তি অনুযায়ী বিদেশী বহিষ্কাৰ কৰক তাত অসমবাসীৰ কোনো কথাই ক’ব লগা নাই। বৰঞ্চ অসমৰ খিলঞ্জীয়া আৰু মিঞা মুছলমানৰ সংগঠনবোৰে এইক্ষেত্ৰত চৰকাৰ পূৰ্ণ সহযোগিতা আগবঢ়াওক।

দল মত নির্বিশেষে সাম্প্ৰতিক সময়ত অসমৰ ৰাইজে সদ্যহতে বিচৰা মুখ্যমন্ত্ৰীজন কিন্তু পাইছে। আশীৰ্বাদ আৰু শুভেচ্ছাবাণীৰ ছ’চিয়েল মেডিয়াত জোৱাৰ উঠিছে। আমিও আশা ৰাখিছো নতুন মুখৰ কিন্তু ৰাইজে বিচাৰি থকা মুখ্যমন্ত্ৰীজনে অসমৰ উন্নয়নত এক অনন্য গতি প্ৰদান কৰাত সফল হওক।