নতুন দিল্লীলৈ স্থানান্তৰ কৰিব পৰা নাযাব ৰেগিং কাণ্ডত আহত ছাত্ৰ আনন্দ শৰ্মাক

নতুন দিল্লীলৈ স্থানান্তৰ কৰিব পৰা নাযাব ৰেগিং কাণ্ডত আহত ছাত্ৰ আনন্দ শৰ্মাক

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন দিল্লীলৈ স্থানান্তৰ কৰিব পৰা নাযাব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত আহত ছাত্ৰ আনন্দ শৰ্মাক৷ চিকিৎসকৰ মতে, লৰচৰ কৰিলেই স্নায়ু চেপা খোৱাৰ সম্ভাৱনা আছে৷ কাইলৈ পুৱা ১০ বজাত ডিব্ৰুগড়তে হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ৷ যন্ত্ৰণাত থাকিব নোৱাৰি ছটফটাই আছে আনন্দ শৰ্মাই। ৰাজহাড় ভঙাৰ লগতে হাত, ভৰি–বুকুতো গুৰুতৰ আঘাত পাইছে আনন্দই। শৰীৰৰ কেইবাটাও অংগ প্ৰায় অচল হৈ পৰিছে।