নতুন দিনৰ নতুন দিগন্ত -কবিতা শৰ্মা

Pc Hindustan Times

নতুন দিনৰ নতুন দিগন্ত

 কবিতা শৰ্মা, দিল্লী

সময় গতিশীল। কেতিয়াও স্তব্ধ নহয় সময়ৰ গতি…সময়েই অতীত,সময়েই বৰ্তমান আৰু সময়েই ভবিষ্যত। সময় বাস্তৱ। সময়ে আমাক শিকাই, সময়ে বুজাই। সময়ৰ হাততে সকলো। সময় বাগৰাৰ এই গতানুগতিকতাত কোনো নতুনত্ব নাথাকিলেও, থাকে শুভ দিনৰ প্ৰতীক্ষাৰে আৰম্ভ হোৱা নতুন বছৰৰ আমেজ… নতুন দিনৰ প্ৰতিশ্ৰুতি লৈ আহে নৱ বৰ্ষ! ন-ন আশাৰে, বহু হেপাহেৰে, সলনি হয় বেৰত আৰি থোৱা কেলেণ্ডাৰখন। চাওঁতে চাওঁতে আমিও আহি বছৰটোৰ শেষ ক্ষণত উপস্থিত হলোঁ। ২০২১ক বিদায় দি ২০২২ ক আদৰাৰ সময় আহি পালে। ন-পুৰণিৰ এই সন্ধিক্ষণ নিশ্চিত ভাবে আমাৰ সকলোৰে বাবে আবেগময় আৰু হয়তো কিছু কৌতুহলপূৰ্ণও….

         পুৰণি বছৰটো আমি যদি ভালকৈ বিশ্লেষণ কৰি চাওঁ,দেখা যায় ২০২১ৰ বৰ্ষটো, ২০২০ বৰ্ষৰ দৰেই সমগ্ৰ মানব জাতিৰ বাবেই এতি দুৰ্যোগপূৰ্ণ বৰ্ষ!ক’ভিদ মহামাৰীৰ দ্বিতীয়টো ঢৌৱে এই সময় চোৱাত প্ৰায় সকলোকে বিধ্বস্ত কৰি গ’ল। নামহীন শংকা আৰু ভয়েৰে আমি সকলোৱে দিনবোৰ পাৰ কৰিলোঁ। ২০২০ৰ কঠোৰ বন্দীত্বৰ জীৱন কিছু শিথিল হ’ল যদিও বহুতে স্ববন্দীত্বৰ জীৱন পাৰ কৰিলে। তথাপিও বহু লোক সংক্ৰমিত হ’ল। পৰিচিত-অপৰিচিত কিমান যে লোক হেৰাই গ’ল… কিমানে আপোনজনক হেৰুৱালে…. পিতৃ মাতৃ দুয়োকে হেৰুৱাই কিমান লৰা-ছোৱালী দিশহাৰা হ’ল… দেশৰ অৰ্থনীতি নিম্নগামী হ’ল… এইখতিয়ান ডাঙি ধৰা সহজসাধ্য নহয়। কেৱল মাত্ৰ এই আশাতেই সকলোৱে দিন পাৰ কৰিলে যে, দিনবোৰ আকৌ আগৰ দৰে স্বাভাৱিক হব। কিন্তু এতিয়া আকৌ আহিল ক’ভিদৰ তৃতীয়টো ঢৌ! অমিক্ৰনৰ! অৰ্থাত ক’ভিদ সংক্ৰমণৰ পৰা আমি এতিয়াও সম্পূৰ্ণকৈ মুক্ত হব পৰা নাই। ভবিষ্যত যে সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ সেয়াও কব নোৱাৰি। কিন্তু সেইবুলি এয়াও নহয় যে কেবল মাত্ৰ ভয় আৰু শংকাত আমি জীৱন কটাম। বৰ্তমানৰ পৰিস্থিতিত এই কথা আমি সকলোৱে জনা উচিত যে এই সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ আমি প্ৰত্যেকেই প্ৰয়োজনীয় সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰিব লাগিব। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে এই মহামাৰীৰ লগত সহবাস কৰিবলৈ নিজক তৈয়াৰ কৰিব লাগিব, যেতিয়ালৈকে এই মহামাৰী ৰোধ কৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা নহয়।

         জীৱনৰ প্ৰতিটো মূহুৰ্ততে, পৰৱৰ্তী মূহুৰ্তই আমাৰ কাৰণে কি কঢ়িয়াই আনিব সেই বিষয়ে আমি সম্পূৰ্ণ অজ্ঞাত। অনিশ্চিত আমাৰ জীৱনৰ প্ৰতিটো মুহুৰ্ত!কিন্তু সেইবুলিয়েই জানো মানুহে জীৱন জীয়াবলৈ এৰি দিব? নতুন আশা আৰু নতুন সম্ভাৱনাৰে ভুমুকি মৰা নৱবৰ্ষৰ ন সুৰুযে বিলাই দিয়া পোহৰেৰে আমাৰ মনবোৰ আলোকিত কৰি আমিও জানো নতুন আশাৰে জীৱনৰ বাটত আগুৱাই যাব নোৱাৰো? জীৱনে তেওঁৰ লগতহে খেলা কৰে যিজন জীৱন যুঁজৰ পাকৈত খেলুৱৈ! দুখবোৰ সকলোৰে একে হলেও, সাহস আৰু উৎসাহ-উদ্দীপনা সকলোৰে বেলেগ বেলেগ। কোনোৱে যদি হতাশ হৈ ভাঙি পৰে কোনোৱে আকৌ সংঘৰ্ষ কৰি উজলি উঠে। ঠিক যেনেকৈ প্ৰতিদিনে উদিত হোৱা সুৰুযে ন-পুৰণিৰ সন্ধিক্ষণৰ এই বিশেষ দিনটোত সলনি কৰে বছৰটোৰ ঠিকনা, ঠিক তেনেকৈয়ে সলনি হয় মানুহৰ জীৱনবোধ… নতুনৰ পৰশত সময়ে লৈ অহা পৰিৱৰ্তনে আমাকো বহু কথাই শিকাই যায়। কেৱল মুখৰ কথাৰে জীৱন নচলে… জীৱনে বিচাৰে কৰ্ম। এই সময় কৰ্ম সংস্কৃতিৰ।বিভিন্ন সমস্যাৰ সমাধানৰ পথ নিজেই বিচাৰি নিজৰ জীৱন নিজেই গঢ়াৰ সময় এয়া। এই কথা সত্য যে জীৱনটো সহজ নহয়। কিন্তু জীৱনৰ জটিলতাবোৰ আঁতৰোৱাৰ বাবে সুযোগ আনি দিয়া নতুন বছৰটোতে, সময়ৰ সৈতে জীৱন আগুৱাই নিব পৰাটোৱেই এই যান্ত্ৰিক পৃথিৱীত এক ডাঙৰ প্ৰত্যাহ্বান…. এই কলা যিজনে শিকিছে তেওঁৱেই জীৱন জিনিব পাৰিছে! আধুনিক চিন্তাৰে পৰিপুষ্ট জীৱনৰ গৰাকী হোৱাৰো সংকল্প লোৱাৰ সুযোগ আনি দিয়ে এই নতুন বছৰেই!

         চাবলৈ জানিলে আমাৰ এই পৃথিবী ধুনীয়া..বিনন্দীয়া… সকলো আছে ইয়াত। সুখ-দুখ, হাঁহি- কান্দোন, ভালপোৱা-ঘৃণা, আশা-নিৰাশা। এই সকলোবোৰ আপেক্ষিক। কিন্তু আমি কেনেকৈ অনুভৱ কৰো, জীৱনক কিদৰে গ্ৰহণ কৰো সেয়াই প্ৰকৃত সত্য!অনুভৱৰ ছন্দতে লুকাই থাকে প্ৰাচুৰ্য। আকাশৰ বুকুত, ডাঁৱৰৰ বোকোচাত থকা সীমাহীন লক্ষ্যৰ দৰে।

         ভাল লাগে যেতিয়া নৱবৰ্ষৰ প্ৰথমটো পুৱাৰ ভাগতে দেখা পাওঁ মন্দিৰত লানি নিচিগা মানুহৰ শাৰী। কাৰণ, মুহুৰ্তে-মুহুৰ্তে মন্দিৰৰ পৰা ভাহি অহা ঘণ্টা ধ্বনি, ধুপ-ধুনাৰ পবিত্ৰ সুগন্ধৰ লগতে থাকে বছৰটোৰ কুশল কামনাৰে নেদেখা জনক মিনতী জনোৱাৰ আশ্বাস আৰু বিশ্বাসৰ চেতনা। ভাল লাগে সুখ সমৃদ্ধিৰে ভৰপূৰ কামানাৰে বিনিময় হোৱা নতুন বছৰৰ শুভেচ্ছা বানীবোৰ… ভাল লাগে পাহৰণি অতীতৰ গৰ্ভত হেৰাই যোৱা দুখৰ দিনবোৰৰ পাছত ভাল দিনৰ আশাত বন্ধী হোৱা নতুন বছৰৰ এই প্ৰথমটো দিন…

নতুন বছৰৰ নতুন প্ৰত্যাশাই সকলোকে আশাবাদী কৰি তোলক। আশা কৰাৰ দৰে সকলোৰে জীৱন মলিনতা মচি নৱবৰ্ষই কঢ়িয়াই আনক নতুনত্ব আৰু সফলতাৰ বতৰা… সকলোৰে বাবে শুভ হওঁক নৱ বৰ্ষ–২০২২–