‘নতুন কবিতা চৰ্চাসকলৰ অসুবিধা’ শীর্ষক আলোচনা চক্র

pcInc. Magazine

 ‘নতুন কবিতা চৰ্চাসকলৰ অসুবিধা’ শীর্ষক আলোচনা চক্র

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘অসম মাতৃভূমিৰ সুযোগ্য কবি, প্ৰসিদ্ধ সমালোচক নীলমণি ফুকনে কবিতা ৰচনাৰে জ্ঞানপীঠ বঁটা আজুৰি আনি, ৰাজ্যখনৰ কবিতাৰ পথাৰখনৰ বাবে এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিলে। অসমত কবিতা ৰচনা কৰা লোকৰ সংখ্যা লাখৰ ঘৰ চুইছে।’- আজি সাহিত্য-হ’ল সংস্কৃতিমূলক অনুষ্ঠান ।‘ৰং’ ৰ উদ্যোগত ‘নতুন কবিতা চৰ্চাসকলৰ অসুবিধা’ শীর্ষক আলোচনা চক্রত অংশগ্রহণ কৰি মাহেকীয়া কাব্যালোচনী ‘কাব্য-কাঁচলি’ৰ  সম্পাদক তথা বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মাই এনেদৰে কয়। ‘ৰং’ৰ সভাপতি তথা কবি শিৰষ দাসৰ সঞ্চালনাত মহানগৰৰ পশ্চিম প্ৰান্তৰ বৰঝাৰত অনুষ্ঠিত কবিতা বিষয়ক মনোজ্ঞ আলোচনা চক্রত অংশগ্রহণ কৰি কবি, সমালোচক শৰ্মাই কয়৷ বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথে কয়- জ্যেষ্ঠ কবিৰ কবিতা নকবি সকলে পঢ়াৰ লগতে, কবিতা এটা লিখি কিছুদিন পেলাই থব লাগে, পাছত পুনৰ চিকুণাই ল’ব লাগে। শ্ৰীমন্ত শঙ্কৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়, বঙৰাৰ প্ৰাক্তন প্ৰধান শিক্ষক জগৎ চন্দ্র চৌধুৰীয়ে কয়- উন্নত কবিতা লিখা কবিৰ  কবিতা সকলোতে স্থান পায়। গতিকে, বিশিষ্ট কবিৰ কবিতা প্ৰচুৰ পৰিমাণ পঢ়িব লাগে।’ অনুষ্ঠানত সচেতন লেখক কমল চন্দ্র মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, শিক্ষক ৰঞ্জিৎ মহন্ত, কবি স্বপ্না শৰ্মা, সুৰেণ বড়ো প্ৰভৃতি সকলে বক্তব্য দাঙি ধৰে। শিল্পী জিতেন্দ্র মোহন দাসে কেইবাটাও গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে।