নতুন অভিলেখৰ গৰাকী হ’ল অধিনায়ক শিখৰ ধাৱান

pc- times of india

নতুন অভিলেখৰ গৰাকী হ’ল অধিনায়ক শিখৰ ধাৱান

অনৱাইন বাৰ্ত্তাসেৱা– ভাৰতীয় দলটোৰ অপেনিং বেটছমেন তথা অধিনায়ক শিখৰ ধাৱানে শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভ হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচতে নতুন অভিলেখৰ গৰাকী হয়। ভাৰতীয় অপেনিং বেটছমেনৰূপে দ্ৰুততম ৬০০০ ৰাণ সংগ্ৰহ কৰা প্ৰথমজন বেটছমেনৰূপে পৰিগণিত হ’ল ধাৱান। ১৪০ খন ইংনিছত ৬০০০ ৰাণ সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়গৰাকী অপেনাৰ ৰূপে অভিলেখ গঢ়িলে ধাৱানে। এই অভিলেখৰ প্ৰথমত আছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অপেনিং বেটছমেন হাছিম আমলা। তেওঁ ১২৬ খন ইংনিছত ৬০০০ ৰাণ সংগ্ৰহ কৰিছিল।

(R.T)