নগাঁৱৰ ‘আর্ট ভিলেজ’ত লোকচিত্রকলাৰ শিৱিৰ

নগাঁৱৰ ‘আর্ট ভিলেজ’ত লোকচিত্রকলাৰ শিৱিৰ

আদিলুৰ ৰহমান ,টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ অধীনত পূর্বাঞ্চল সাংস্কৃতিক কেন্দ্র (EZCC)ৰ উদ্যোগত, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগ আৰু জ্যোতি একাডেমীৰ সহযোগত নগাঁৱৰ “আর্ট ভিলেজ”ত আয়োজিত হৈছে এখনি সাতদিনীয়া পৰম্পৰাগত আৰু লোকচিত্রকলাৰ কর্মশালা। উক্ত অনুষ্ঠানত অসম আৰু ৰাজস্থানৰ শিল্পীয়ে অংশ গ্রহণ কৰে। অনুষ্ঠানৰ আৰম্ভণীতে বৰগীত পৰিৱেশন কৰে শিশুশিল্পী তপস্যা মহন্ত, লগতে খোল বাদন আৰু বাঁশি বাদনেৰে সহযোগ কৰে প্রশান্ত কুমাৰ গোস্বামী আৰু হেমন্ত বসুমতাৰিয়ে। এগচি বন্তি প্রজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ নগাঁৱৰ সাংস্কৃতিক বিষয়া মুনীন্দ্র গোস্বামীয়ে লগতে সহযোগ কৰে জ্যোতি একাডেমীৰ সভাপতি দুলাল বৰাই। ১৪ মার্চত আৰম্ভ হোৱা এই কর্মশালাত ৰাজস্থানৰ ফড পেইন্টিং, মিনিয়েচাৰ পেইন্টিং আৰু লোকচিত্র কলাৰ শিল্পী ক্রমে মনোজ কুমাৰ যোশী, ওম প্রকাশ চন্দ্রায়ন আৰু সুবোধ কুমাৰ যোশীয়ে অংশ গ্রহণ কৰিছে। অসমৰ পুথিচিত্র শিল্পী দিগন্ত হাজৰিকা, মৃদুমৌচম বৰা আৰু সুজিত দাসে অংশ লয়। অহা ২০ মার্চ লৈকে এই কর্মশালা চলি থাকিব। অনুষ্ঠানৰ সৈতে উক্তদিনা নগাঁৱৰ আর্ট ভিলেজৰ প্রথম প্রতিষ্ঠা দিৱস পালন কৰা হয়। লগতে এখনী সত্রীয়া নৃত্যৰ বিদ্যালয় আৰু যোগাসনৰ প্রশিক্ষণ কেন্দ্রৰ আনুষ্ঠানিক আৰম্ভণী কৰা হয়। নগাঁও সত্র মহাসভাৰ সাধাৰণ সম্পাদক উৎপল মহন্ত, বিশিষ্ঠ লেখক ভীষ্মদুর্লভ মহন্ত, অধ্যাপক ডঃ জোনাৰাম নাথ, প্ৰচাৰ মাধ্যম সমন্বয়ক নৱ ভৰালী, নৃত্যশিল্পী মাম্পী সাহা, কবি পাপু মজুমদাৰ আৰু যোগ প্রশিক্ষক ৰূপজ্যোতি কৰৰ লগতে অনুষ্ঠানত শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্রহন কৰে।