নগাঁও জিলাৰ বেছামাৰী প্ৰেছ ক্লাৱত ২৬ জানুৱাৰী, গণৰাজ্য দিৱস

নগাঁও জিলাৰ বেছামাৰী প্ৰেছ ক্লাৱত ২৬ জানুৱাৰী, গণৰাজ্য দিৱস

ইকবাল হুছেইন, মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তসেৱা-  সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পালন কৰা হ’ব ৭৩ তম গণৰাজ্য দিৱস। কৰোনা প্ৰটকল মানি কটকটীয়া নিৰাপত্তাৰ মাজেদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বেছামাৰী প্ৰেছ ক্লাৱত গণৰাজ্য দিৱসৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰা হৈছে। আজি আমি গৰ্বিত যে, বিশ্বৰ বৃহত্তম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশ ভাৰতবৰ্ষৰ নাগৰিক আমি। অনৈক্যৰ মাজত ঐক্য থকা ৰাম-ৰহিমৰ এইখন বাৰেচহৰীয়া ফুলনি বাগিচা সুদৃশ্য ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিজন ভাৰতীয়ই সংকীৰ্ণতা পৰিহাৰ কৰি নিজৰ জন্ম তথা মাতূভুমিক বিশ্বদৰবাৰত শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ গণৰাজ্য দিৱসৰ দিনাই সকলোৱে সংকল্প লোৱা কৰা উচিত। প্ৰিয় দেশমাতৃৰ অখণ্ডতা, শান্তি আৰু সমৃদ্ধিৰ স্বাৰ্থত জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী, লিঙ্গ নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হৈ আহোপুৰুষাৰ্থ কৰা দৰকাৰ। তেহে ভাৰতৰ স্বাধীনতা স্বাৰ্থক হ’ব, শান্তি লভিব স্বাধীনতা সংগ্ৰামী সকলে। উল্লেখ্য যে ২৬ জানুৱাৰীৰ দিনা বেছামাৰী প্ৰেছ ক্লাৱত গণৰাজ্য দিৱসৰ পৱিত্ৰ পতাকা উত্তোলন কৰি উত্তোলিত পতাকাৰ তলত সমবেত হৈ উপস্থিত সকলোৱেই এই বুলি অংগীকাৰবদ্ধ হ’ব যে, “বিশ্বৰ বুকুত নিজৰ প্ৰাণ প্ৰিয় দেশ ভাৰতবৰ্ষৰ নাম উজলাই তুলিব”। আমাৰ অতিকৈ আদৰৰ স্বাভিমানী ত্ৰিৰংগা পতাকাক লাল চালাম জনাই সদৌটিলৈকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ।