নগাঁওৰ জিলাৰ ধিঙ সমষ্টিৰ মৈৰাধ্বজত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰকল্প নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ 

নগাঁওৰ জিলাৰ ধিঙ সমষ্টিৰ মৈৰাধ্বজত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰকল্প নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ 

ইকবাল হুছেইন,মৈৰাবাৰী ,ৰঙিলী বাৰ্ত্তাসেৱা – বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যশীলতা দেখুওৱাই সময়ে সময়ে বিভিন্ন বিভাগত চলা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে দুৰ্নীতিকাৰী আৰু দালালসকলক অসম আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰাই অসমখনক দুৰ্নীতি মুক্ত কৰাৰ চেষ্টা কৰি আহিছে তেনে সময়তেই। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ নগাঁও জিলাৰ ধিংৰ মৈৰাধ্বজ (MOIRADHAJ) গাওঁ পঞ্চায়তৰ মৈৰাধ্বজত বিশুদ্ধ খোৱা যোগানৰ প্ৰকল্প নিৰ্মাণৰ নামত সংগঠিত হৈ আহিছে এক বৃহৎ অনিয়ম আৰু দুৰ্নীতি। জানিব পৰা মতে বিগত ২০১৩ চনত ফলক বিহীন বাবে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল যদিও আজিলৈকে কাম সম্পূৰ্ণ হৈ নুঠিল যাৰ বাবে আজিও বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে ৰাইজ। অক্ষম হৈ থকা এই প্ৰকল্পটো বৰ্তমান ঘা- বনে আৱৰি ধৰিছে,এক প্ৰকাৰ ভূত- বাংলাত পৰিণত হোৱা বুলি ক’ব পাৰি। প্ৰকল্পৰ কাম সম্পূৰ্ণ নকৰি কাৰ আশীৰ্বাদত ধন্য হৈ,কেনেকৈ ঠিকাদাৰজনে প্ৰকল্পৰ নিবিদাৰ সমুলি ধন লৈ উধাও হ’ল ? যাৰ ফল ভুগিছে সৰ্বসাধাৰণ ৰাইজে। সঠিক তদন্ত কৰি বিজেপি মিত্ৰযোটৰ নেতৃত্বাধীন অসম চৰকাৰে নাকি লগাব পাৰিবনে এই পানীযোগান আঁচনিৰ প্ৰকল্পৰ নিৰ্মাণত দুৰ্নীতিৰ কৰা ঠিকাদাৰজনক ? ৰাইজে দাবী কৰা অনুসৰি অৰ্থ নিৰ্মিত এই প্ৰকল্পটোত চৰকাৰী কৰ্মচাৰী নিয়োজিত কৰি মাহে -মাহে দৰমহা দি চৰকাৰী টকাৰ বৃহৎ লুণ্ঠন আৰু অপচয় হৈ‌ থকা নাইনে ? স্হানীয় বিধায়কৰ ওপৰত অনেক খং আৰু অসন্তুষ্টি আছে স্হানীয় ৰাইজৰ কাৰণ আমিনুল ইছলামক এই দুৰ্নীতিৰ বিৰুদ্ধে জনাই কোনো সুফল পোৱা নাই। মৈৰাধ্বজৰ এই পানী যোগান প্ৰকল্পটোত হোৱা দুৰ্নীতি আৰু অনিয়মৰ সঠিক তদন্ত কৰি অচিৰেই এই গ্ৰাম্য অঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক অনুৰোধ জনাঁইছে ৰাইজে।