ধৰাৰ উচুপনি- কুমুদ চন্দ্ৰ মেধি

Pc- Facebook

ধৰাৰ উচুপনি

কুমুদ চন্দ্ৰ মেধি

 কলমটো হাতত লৈ বহিছে

এটি শব্দময়ী কবিতা

লিখাৰ মানসেৰে

কিন্তু,

শব্দবোৰ দেখো ৰহস্যময়ী হৈ গʼল

ধৰা দিব নোখোজে স্মৃতিৰ পটত

বাস্তৱতাৰ নিষ্ঠুৰ সোঁৱৰণীয়ে

আৱৰি ৰাখিছে

ভাৱৰে ঢাকি ৰখা সূৰুযটোৰ দৰে।

চাৰিওফালে কেৱল ক্ৰন্দনৰ ৰোল

শতকৰ ঘৰত দৈনিক শৱদেহৰ

সৎকাৰ।

পিতৃ-মাতৃহাৰা শিশুৰ আৰ্তনাদ

ভাৰ্য্যাৰ বিননি

আৰুনো কিমান সহিম

আই ধৰিত্ৰী

তুমি অসস্থিৰ হৈছা

অশান্ত যন্ত্ৰণাত চটফটাইছা!

তথাপি,

কাতৰে প্ৰাৰ্থনা জনাইছো

তুমি শান্ত হোৱা আই

তোমাৰ হাতৰ প্ৰেমেৰে

ওপচাই দিয়া প্ৰকৃতি আঁতৰাই

বিভীষিকা