ধুমুহাত বিধ্বস্ত হোৱা ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চৰ পয়ালগা অৱস্থা

ধুমুহাত বিধ্বস্ত হোৱা ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চৰ পয়ালগা অৱস্থা

ৰঙিলী বাৰ্ত্তাসেৱা, ওদালগুৰি- অসম সাহিত্য সভাৰ দ্বাৰা স্বীকৃত আৰু ওদালগুৰি জিলাৰ অন্যতম শাখা সাহিত্য সভা ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চৰ দুৰবস্থাই এতিয়া সাহিত্য প্ৰেমি,সাহিত্যনুৰাগি, বৌদ্ধিক সমাজ আৰু সচেতন মহলৰ চকু কপালত উঠিছে।বিগত ২০১৩ বৰ্ষত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাৰ সাংসদ উন্নয়ন পুজিৰে নিৰ্মিত ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক ৰঙ্গমঞ্চটি ধুমুহাত বিধ্বস্ত হয়।সাংসদ উন্নয়ন পুজিৰ১লাখ ৫০হাজাৰ টকাৰে নিৰ্মিত সাংস্কৃতিক মঞ্চখনৰ সুৰ্দীঘসাত বছৰৰ মূৰত ধুমুহাই বিধ্বস্ত কৰাৰ পিছত ইয়াক পুনৰ মেৰামতিৰ বাবে বিভিন্ন জনৰ ওচৰত সহায়ৰ হাত বিছাৰি আবেদন -নিবেদন কৰি অহা হৈছে যদিও কাৰো পৰা সহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই।বিশেষকৈ কলাইগাও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো, সাংসদ দিলীপ শইকীয়া আৰু প্ৰধানত খৈৰাবাৰী পৰিষদীয সমষ্টিৰ এম চি এল এক বাৰে বাৰে আবেদন আৰু সমিতিৰ কৰ্মকৰ্তা, বিষয় ববিয়াই যোগাযোগ কৰি আহিছে যদিও সহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই।এম চি এল এ ভবেন বড়োই পালমৰা কথা কৈয়ে দায়িত্ব বোধৰ পৰা হাত সাৰি আহিছে।কোনো কাৰণতেই গুৰুত্ব আৰোপ নকৰা কায্যত এম চি এল এ গৰাকীৰ ওপৰত ইতিমধ্যে বিশ্বাস হেৰুৱাই পেলাইছে ৰাইজে।উল্লেখযোগ্য যে বিগত বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কেইবাখনো ভাৰতীয় জনতা পাৰ্টিৰ দলটিয়ে উক্ত সাংস্কৃতিক মঞ্চখনত ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছিল।তাৰ পিছতো কিন্তু উক্ত দলৰ জনপ্ৰতিনিধি কিম্বা জননেতা সকলে ধুমুহাত বিধ্বস্ত হোৱা ভূঞাখাট সাহিত্য সভাৰ দৰে বৃহৎ জাতীয় অনুষ্ঠান এটিৰ পয়ালগা অৱস্থাটোৰ প্ৰতি অকনো গুৰুত্ব নিদিয়া কায্যত দুখ প্ৰকাশ কৰিছে।স্থানীয় তথা সাহিত্য প্ৰেমী ৰাইজৰ বৃহত্তৰ জাতীয় অনুষ্ঠানটিৰ প্ৰতি লক্ষ্য কৰি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ খৈৰাবাৰী পৰিষদীয সমষ্টিৰ এম চি এল এ গৰাকীৰ ওচৰত দাবী জনাইছে।