ধিঙত নিশা বিধ্বংসী অগ্নিকাণ্ড

ধিঙত নিশা বিধ্বংসী অগ্নিকাণ্ড

মৈৰাবাৰী, ইকবাল হুছেইন, ৰঙিলী বাৰ্ত্তাসেৱা– ধিং চাৰিআলিৰ তিনিঠাইৰ ব্যৱসায় প্ৰতিষ্ঠানত পৃথকে পৃথকে সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ড। নিশা দুৰ্বৃত্তই জ্বলায় দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে। ধিং থানাৰ সন্মূখতো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে এখন ব্যৱসায় প্ৰতিষ্ঠানত ।উল্লেখ্য যে , ধিঙত বিগত সময়তো দোকান পোহাৰৰ লগতে চৰকাৰী কাৰ্যালয়ো দুৰ্বৃত্তই জ্বলাই দিছিল। অগ্নি নিৰ্বাপক বাহিনী আহিল যদিওঁ দোকান পোহাৰ জ্বলি ভষ্মিভুত হয়। জানিব পৰা মতে ৰ্দুভগীয়া ব্যাৱসায়ী সকলে দোকান ধাৰ কৰি পৰিয়ালটো পোহ-পাল দি আছিল বুলি মন্তব্য কৰে। এতিয়া প্ৰশ্ন হয় চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা হাতত লৈ সেয়া হব লক্ষ্যণীয়।