ধিঙত চুটি ছবি জীৱনৰে ৰঙৰ চিত্ৰ গ্ৰহন সমাপ্ত

pc.- 123RF

ধিঙত চুটি ছবি জীৱনৰে ৰঙৰ চিত্ৰ গ্ৰহন সমাপ্ত

আদিলুৰ ৰহমান, টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা-  নগাওঁ জিলাৰ ধিঙৰ মৌ-মাত প্ৰডাকচনে পোন প্ৰথম বাৰৰ নিৰ্মাণ কৰিব লোৱা জীৱনৰে ৰং নামৰ এখনি চুটি ছবি যোৱা কালি ধিঙত শুভ মহুৰত কৰি  তাৰ চিত্ৰ গ্ৰহনৰ কাম প্ৰায় সমাপ্ত কৰিছে। যোৱা কালি বিশিষ্ট ধৰ্মপ্ৰান মহিলা মনোৰমা দেৱী আৰু অসম কবি সন্মিলনৰ নগাওঁ জিলাৰ সভাপতি দিলীপ কুমাৰ নাথে ধিঙৰ ৰন্টু ঠাকুৰীয়াৰ বাসগৃহত পুৱা ধূপ-চাকি জ্বলাই আৰু নাৰিকল ভাঙি তথা কেমেৰাত মাল্যবৰণ কৰি শুভ মহুৰত কৰা উল্লিখিত চুতি ছবিখনৰ চিত্ৰ গ্ৰহনৰ কাম আজি সমাপন কৰে ৷ ধিঙৰ এগৰাকী কবি, লেখিকা তথা সাংবাদিক বন্দনা নাথ ঠাকুৰীয়াৰ কাহিনী আৰু প্ৰযোজনাৰে মৌ- মাত প্ৰডাকচনৰ বেনাৰত চিত্ৰ গ্ৰহন কৰা চুতি ছবি খনত জীৱনৰ এক এৰাব নোৱৰা সম্পৰ্ক হৈছে ঘাত আৰু প্ৰতিঘাত, সুদীৰ্ঘ চল্লিশ বছৰৰ পিছত যতিনে পুনৰাই তৰামাইক লগ পোৱাৰ পাছত সত্তৰ বছৰীয়া অবিবাহিত যতিনে তৰামাইক কেনেধৰণে আঁকোৱালি লয়, তেনে এক মূহুৰ্তৰ বিষয়ে বিষদ ভাৱে জানিবলৈ অপেক্ষা কৰিব লাগিব ছবিখনৰ মুক্তি ক্ষণলৈ। মৌ- মাত প্ৰডাকচনৰ বেনাৰত যোৱা কালিৰে পৰা ধিঙৰ বিভিন্ন স্থানত চিত্ৰ গ্ৰহন কৰা ছবি খনৰ ইতিমধ্যে চিত্ৰ গ্ৰহন সম্পুৰ্ণ হোৱা বুলি চবিখনৰ প্ৰযোজিকা বন্দনা নাথ ঠাকুৰীয়াই জানিব দিয়ে৷ ৰন্টু ঠাকুৰীয়াই প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে কাম কৰা ছবিখনত চিত্ৰনাট্যৰ সংলাপ দিয়াৰ লগতে পৰিচালনা কৰে বিশিষ্ট সাংবাদিক, নাট্যকাৰ, অভিনেতা বদন দুৱৰাই৷ তদুপৰি ছবি খনৰ চিত্ৰগ্ৰহণ কৰে ক্ৰমে দীপাংকৰ হাজৰিকাই, আৱহ সংগীত দিয়ে নৱজিৎ বৰাই আৰু ৰূপসৌন্দৰ্য্য প্ৰদান কৰে শংকৰজ্যোতিয়ে । তদুপৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ফেৰমাৰিব পৰাকৈ ছবিখনত অভিনয় কৰিছে স্থানীয় সুদক্ষ অভিনেতা সকলৰ ভিতৰত ক্ৰমে জেষ্ঠ অভিনেতা দীনেশ চন্দ্ৰ নাথ, প্ৰীতি ভৰালী, যুৱ অভিনেতা-অভিনেত্ৰী ক্ৰমে অনুৰাগ শইকিয়া, কুমাৰিকা ঠাকুৰীয়া, অনুপ ওজা, স্মৰণিকা, ৰন্টু ঠাকুৰীয়া, অলিম্পিকা, সুভাংগিনি, তেনিশা, সংগীতা আৰু বন্দনা নাথ ঠাকুৰীয়া নিজে ৷ উল্লেখযোগ্য যে ছবিখনৰ প্ৰযোজিকাই জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চুটি ছবিৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ পিছতেই প্ৰডাকচনৰ নিজা উই টিউব চেনেলত ছবিখন উপলব্ধ হব আৰু দৰ্শকে ছবিখন নিশ্চয় আদৰি লব বুলিও আশা ব্যক্ত কৰিছে।