ধনী পৰিয়ালে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড

pc Facebook

অনলাইন বাৰ্ত্তাসেৱা – দীর্ঘদিন ধৰি একাংশ দুখীয়া লোক যোগান বিভাগে প্ৰদান কৰা বি পি এল কাৰ্ডৰ পৰা বঞ্চিত হৈ আহিছে। এই মন্তব্য ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ ৷ আজি পাটাছাৰকুছি সমষ্টিৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ খবৰ ল’বলৈ আহি সমষ্টিটোৰ ভূতেপোৱাবড়ীত এই মন্তব্য কৰে মন্ত্ৰী দাসে৷ তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৰাজ্যখনৰ একাংশ ধনী লোকে এতিয়াও যোগান বিভাগে প্ৰদান কৰা বি পি এল কাৰ্ড গ্ৰহণ কৰি ইয়াৰ সুবিধা লৈ আছে। ইয়াৰ ফলত একাংশ দুখীয়া লোক বঞ্চিত হৈ আহিছে। তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যখনৰ কেতবোৰ নাৰ্ছিংহোমৰ স্বত্বাধিকাৰীৰ মাতৃৰ নামতো বি পি এল কার্ড আছে। তদুপৰি চাকৰিয়াল তথা অনেক ধনী শ্ৰেণীৰ নাগৰিকে এই কাৰ্ডৰ সুবিধা গ্ৰহণ কৰি আহিছে। মন্ত্রী দাসে আৰু জানিবলৈ দিয়ে যে এক লাখৰ আয়ৰ ওপৰৰ লোকে জুলাই মাহৰ ভিতৰত ঘূৰাই দিব লাগিব এই কার্ডসমূহ। তেওঁ কয় ঃ কংগ্ৰেছ চৰকাৰৰ দিনত এনে ধৰণৰ কাৰ্ডৰ সৃষ্টি কৰা হৈছিল। জুলাই মাহৰ ভিতৰত ধনী পৰিয়ালসমূহে ব্যৱহাৰ কৰি থকা কাৰ্ডসমূহ ঘূৰাই নিদিলে ৰাজ্যৰ যোগান বিভাগে এনে লোকৰ নাম বাতৰি কাকতত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰিব। আনকি সামাজিক মাধ্যমতো তেওঁলোকৰ নাম প্রকাশ কৰা হ’ব বুলি মন্ত্ৰী দাসে সদৰী কৰে। এই কার্ডসমূহে ঘূৰাই দি প্ৰকৃত সমাজসেৱাৰ কাম কৰিবলৈ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে সকলোকে আহ্বান জনায় ৷ এইসকল ধনী লোকে স্বেচ্ছাই বি পি এল কাৰ্ডসমূহ চৰকাৰক ঘূৰাই দিলে শীঘ্ৰে পাঁচ লাখ দুখীয়া লোকক বি পি এল কাৰ্ডৰ যোগান ধৰি ইতিহাস সৃষ্টি কৰিব ৰাজ্যৰ যোগান বিভাগে।