দ্রুত উন্নয়নৰ জৰিয়তে কাৰ্বি আংলং ছুপাৰ ষ্টেটত পৰিণত হ’বঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

pc facebook

দ্রুত উন্নয়নৰ জৰিয়তে কাৰ্বি আংলং ছুপাৰ ষ্টেটত পৰিণত হ’বঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দ্রুত উন্নয়নৰ জৰিয়তে কাৰ্বি আংলং ছুপাৰ ষ্টেটত পৰিণত হ’ব বুলি উল্লেখ কৰি কয় যে কাৰ্বি আংলঙত পৰ্যটনৰ জৰিয়তে বৃহৎ নিয়োগ হোৱাৰ সম্ভাৱনা আছে। কাৰ্বি আলং স্বায়ত্ত পৰিষদে বিভিন্ন শিতানত বছৰি ৬০০ কোটি টকাকৈ লাভ কৰি আহিছে। পর্যটন খণ্ডক লৈ তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক মাষ্টাৰ প্লেন যুগুতাবলৈ পৰামৰ্শ দিছে। কাৰণ তাত হোম ষ্টেৰ’ৰ যথেষ্ট সুবিধা আছে। হস্পিতেলিটী উদ্যোগৰ ওপৰতো যথেষ্ট সম্ভাৱনা আছে। কিন্তু ডাঙৰ সমস্যা হৈছে কাৰ্বি আংলঙৰ পৰা কোনেও বাহিৰলৈ ওলাই যাব নিবিচাৰে। এই প্ৰসংগতে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যত অনুসূচিত জনজাতি (পার্বত্য)ৰ বাবে সংৰক্ষিত তিনি হাজাৰ শিক্ষক পদ খালী আছে। কিন্তু কাৰ্বি আংলঙৰ পৰা কোনেও ওলাই আহিব নিবিচাৰে। দ্রুত উন্নয়নৰ জৰিয়তে কাৰ্বি আংলং ছুপাৰ ষ্টেটত পৰিণত হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এইবাৰ বাজেটত কাৰ্বি আংলঙত ৰাজ্যিক বিশ্ববিদ্যালয় এখন স্থাপনৰ বাবে শিক্ষা বিভাগক ব্যৱস্থা ল’বলৈ কোৱা হৈছে। জিলাখনত মেডিকেল কলেজ, কেঞ্চাৰ হাস্পতাল হৈ গ’ল। পলিটেকনিকখনত নতুন নতুন বিভাগ খোলাৰ লগতে ইঞ্জিনীয়াৰিং কলেজো হ’ব লাগে। ৰাজ্যত যিমান নাই, তাতকৈ যথেষ্ট কাৰ্বি আংলঙত হৈ গ’ল। সেয়ে তেওঁ কাৰ্বি আংলং দ্রুত উন্নয়নৰ জৰিয়তে ছুপাৰ ষ্টেট হ’বলৈ গৈ আছে বুলি উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিফুত এখন সংবাদ মেলত অহা এপ্রিল মাহত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন ঘোষণা হ’ব বুলি মন্তব্য কৰে।