দ্বিতীয় জ্যোতিলিংগ — “শ্ৰী মল্লিকাৰ্জুন”-অমল শৰ্মা

pc- Amazon

দ্বিতীয় জ্যোতিলিংগ — “শ্ৰী মল্লিকাৰ্জুন”

অমল শৰ্মা
ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা প্ৰত্যেকখন দেবধাম একো একোখন পবিত্ৰ নদীৰ তীৰত অৱস্থিত।
অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা নদীৰ তীৰত আৰু শ্ৰী শৈল পৰ্বতৰ ওপৰত অবস্থিত এটি শিৱ মন্দিৰ — মল্লিকাৰ্জুন শিৱ মন্দিৰ। আমাৰ বেদ, পুৰাণ আৰু মহাভাৰত আদিত এই স্হানৰ মহিমা সুন্দৰ ভাৱে পোৱা যায়। পুৰণি কালত দেৱসমাজৰ বিভিন্ন কাহিনী এই স্হান সমূহৰ লগত সংযুক্ত হৈ থাকে আৰু সেয়ে চাগে এই ক্ষেত্ৰ সমূহ পবিত্ৰ ভূমি হিচাপে পৰিগণিত হৈ আহিছে। তেনে এক কাহিনী এই মন্দিৰৰ লগত সাঙোৰ খাই আছে। পুৰাণ আদি বিভিন্ন গ্ৰন্থত কাহিনী বিলাক উপস্থাপন কৰা কৌশল ভিন্ন হ’লেও মূল অৰ্থ একেই থাকে। এবাৰ প্ৰভূ সদাশিৱৰ দুই পুত্ৰ ক্ৰমে গণেশ আৰু কাৰ্তিকৰ বিবাহৰ কাৰণে দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হয়। দুয়োজনেই নিজৰ নিজৰ বিবাহ প্ৰথমে পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু এই লৈ দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হয়। এনে অবস্থা দেখা পাই শিৱ পাৰ্বতীৰ চিন্তা বাঢ়িবলৈ ধৰিলে। দুয়োজনে গুণাগঠা কৰি এটা চৰ্ত নিৰ্ধাৰণ কৰি দুই পুত্ৰক অবগত কৰালে। চৰ্ত অনুসৰি যিজনেই প্ৰথমতে সমস্ত পৃথিৱী পৰিভ্ৰমণ কৰি এই স্হানত থিয় হ’ব পাৰিব তেওঁৰেই প্ৰথমতে বিবাহ সম্পন্ন কৰা হ’ব। দুয়োজন এই চৰ্তত সন্মত হ’ল যদিও গণেশ মহা চিন্তাত পৰিল। এই প্ৰকাণ্ড শৰীৰ টো লৈ কেনেকৈ নো এটা মুষিকৰ সহায়ত সমস্ত পৃথিৱী পৰিভ্ৰমণ কৰিব পাৰিব। নিৰাশ নহৈ ক্ষন্তেক চিন্তা কৰি সুপ্তহৈ থকা তীক্ষ্ণ বুদ্ধিটোক জাগ্ৰত কৰিবলৈ ধৰিলে। নিমিষতে উদ্বেগৰ অন্ত পেলায় পৃথিৱী পৰিভ্ৰমণ কৰাৰ সহজ উপায় উদ্ভাৱন কৰিলে। শাস্ত্ৰত উল্লেখ আছে যে — পিত্ৰোশ্চ পূজনং কৃত্বা প্ৰক্ৰা্ন্তিংচ কৰোতি। তস্য বৈ পৃথিৱী জন্যং ফলং ভবতি নিশ্চিতম্।। সন্মুখতে থকা পিতৃ মাতৃ দুয়োৰে চৰণত যথা ৰীতি আৰু যথাসাধ্য সহ পূজা আদি কৰি তাতেই তেওঁলোকক সাতবাৰ প্ৰদক্ষিণ কৰিলে। লগে লগেই পৃথিৱী পৰিভ্ৰমণ কৰাৰ সমস্ত পূণ্যও লাভ কৰিলে। ইফালে কাৰ্ত্তিকে সমগ্ৰ ত্ৰিভূবন পৰিভ্ৰমণ কৰি ক্লান্ত হৈ স্ব গৃহত অবস্থান কৰিছে। ভিতৰত উৎসৱ মুখৰ পৰিবেশ দেখা পাই কাৰ্তিকৰ অসীম আনন্দ। কিয়নো তেওঁৰ ধাৰণা আছিল যে গণেশে ক্ষুদ্ৰ মুষিক বাহনত উঠি ত্ৰিভূবন পৰিভ্ৰমণ কৰিব পাৰিব যে অসম্ভৱ। কিন্তু তেওঁৰ সেই ধাৰণা যে ভুল আছিল তাৰ প্ৰমাণ শীঘ্ৰেই দেখা পালে। কাৰ্তিকৰ পৰিভ্ৰমণ কালতেই গণেশৰ বিবাহ সম্পন্ন কৰা হৈছিল শিৱ পাৰ্বতীৰ বচন ৰক্ষা কৰি। ঋদ্ধি আৰু সিদ্ধি (বহুতে ঋদ্ধি ক বুদ্ধি বুলিও কয়) নামৰ দুগৰাকী কণ্যাৰ লগত বিবাহ সম্পন্ন হোৱাৰ পিছত — শুভ আৰু লাভ- ( বহুতো পুঠিত শুভ ক ক্ষেম বুলিও উল্লেখ কৰা দেখা যায়) নামৰ দুটি পুত্ৰ সন্তানৰ জন্ম হয়। এইবোৰ দেখিবলৈ পায় কাৰ্ত্তিক অতিশয় ৰুষ্ট হয় আৰু ক্ৰৌঞ্চ পৰ্বতৰ ওপৰত বাস কৰাৰ মানসেৰে প্ৰস্হান কৰে। ইফালে মাতা পাৰ্বতীয়ে পুত্ৰৰ এই দুখ সহিব নোৱাৰি অভিমান ভাঙিবলৈ বুলি কাৰ্তিকৰ ওচৰ পালেগৈ। ক্ষন্তেক পিছত শিৱ ও সেই স্থানতেই জ্যোতিলিংগ ৰূপে প্ৰকটিত হ’ল। সেই জ্যোতিলিংগ মল্লিকাৰ্জুন নামেৰে জনাজাত হল। আচৰিত কথা যে এই লিংগত মল্লিকা পুষ্পৰ দ্বাৰাহে পূজা কৰা হয়। ( যি ক্ষেত্ৰত সুগন্ধি ফুল শিৱপূজাত নিষিদ্ধ) সেয়ে এই জ্যোতিলিংগ মল্লিকাৰ্জুন শিৱ নামেৰে জনাজাত। অন্যহাতে আৰু এটা কাহিনী এই মন্দিৰৰ লগত সাঙোৰ খাই আছে। এসময়ত ৰজা চন্দ্ৰগুপ্তৰ ৰাজধানী আছিল শ্ৰী শৈল পৰ্বতৰ কাষত। এক অজ্ঞাত বিপদৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ এগৰাকী কণ্যা ৰাজমহলৰ পৰা ওলাই আহি সেই পৰ্বত ৰাজৰ আশ্ৰয় গ্ৰহণ কৰে।কণ্যাটিৰ লগত এজনী সুন্দৰ গাই আছিল। কোনো অজ্ঞাত ব্যক্তি য়ে সেই গাইজনীৰ গাখীৰ ৰাতি খীৰাই লৈ যোৱা অনুমান কৰি আছিল যদিও এদিন হাতেলোতে গাখীৰ খীৰাই থাকোঁতেই ধৰা পেলায় যদিও ধৰিবলৈ বুলি খেদি গ’ল। গৰুজনীৰ ওচৰ পাই আচৰিত হ’ল যে তাত এটা শিৱলিঙ্গ আছে আৰু একোৱেই নাই। সেই ৰাজকুমাৰীয়েই সেই স্থানত এটি মন্দিৰ সজালে যি মল্লিকাৰ্জুন নামেৰে জনাজাত হৈছিল। পুৰাণাদিত এই মল্লিকাৰ্জুন জ্যোতিলিংগ যুক্ত মন্দিৰৰ বহুতো মহিমাৰ কথা পঢ়িবলৈ পোৱা যায়। এই শিৱমন্দিৰ দৰ্শনৰ দ্বাৰা ভক্তৰ সৰ্ব মনোকামনা পূৰ্ণ হয়, ভগবান শিৱৰ শ্ৰী চৰনত অনুৰাগ বৃদ্ধি হয়। আধ্যাত্মিক,অধিদৈবিক, অধিভৌতিক সৰ্বপ্ৰকাৰ বাধা বিঘিনিৰ পৰা মুক্তি লাভ কৰে। মোক্ষ প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰে। ঔম্ নম্ঃ শিৱায়—-