দৈয়াং অঞ্চলত “দৈয়াংপৰীয়া স্পৰ্টছ একাডেমি” নামেৰে এখন ক্ৰীড়াৰ বিদ্যালয়ৰ শুভাৰম্ভ 

দৈয়াং অঞ্চলত “দৈয়াংপৰীয়া স্পৰ্টছ একাডেমি” নামেৰে এখন ক্ৰীড়াৰ বিদ্যালয়ৰ শুভাৰম্ভ 

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  ২নং শামুকজানত কেইজনমান উদীয়মান যুৱক আৰু স্থানীয় ৰাইজৰ সহযোগত সমগ্ৰ দৈয়াং অঞ্চলৰ কিশোৰ-কিশোৰী সকলৰ মাজৰ পৰা সুপ্ত প্ৰতিভা সমূহ উলিয়াই আনি ক্ৰীড়াৰ পৰিৱেশ এটা গঢ়ি তুলাৰ উদেশ্যেৰে “দৈয়াংপৰীয়া স্পৰ্টছ একাডেমি” নামেৰে এখন ক্ৰীড়াৰ বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয় । উক্ত বিদ্যালয়ৰ উদ্বোধনী কাৰ্যসূচিত উপস্থিত থাকে ৰতনপুৰ গাঁও-পঞ্চায়তৰ সভাপতি লক্ষী কছাৰী ,বিশিষ্ট সমাজসেৱী ড’ বিবেকানন্দ শৰ্মা , বিশিষ্ট সমাজকৰ্মি উমাকান্ত শইকীয়া সমাজসেৱক সৰ্বেশ্বৰ শইকীয়া, বিশিষ্ট সমাজকৰ্মী খগেন মাহাত্ব, অসম চাহ জনজাতি ছাত্ৰ সন্থা ফৰকাটিং উপ শাখাৰ সভাপতি অকন গোৱালা, জিলা সমিতিৰ ক্ৰীড়া সম্পাদক হেমন্ত তাঁতি, ফৰকাটিং উপশাখাৰ সহ:সম্পাদক অমিন তচা, বিশিষ্ট সমাজকৰ্মী লখেশ্বৰ দাস ৰ উপৰিও আৰু কেইবাজনো গন্যমান্য ব্যক্তি ও সমাজকৰ্মি উপস্থিতিত ক্ৰীড়া বিদ্যালয়খন মুকলি কৰা হয়।