দেশৰ ১৫ কোটি শিশু আৰু যুৱক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত

pc-China Daily

দেশৰ ১৫ কোটি শিশু আৰু যুৱক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত

অনলাইন বাৰ্ত্তাসেৱা– ভাৰতীয় উদ্যোগ মহাসংঘৰ এক সন্মিলনত উপস্থিত থাকি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে দেশত ১৫ কোটি শিশু আৰু যুৱক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হয় আছে। লগতে প্ৰায় ২৫ কোটি লোক সাক্ষৰতাৰ প্ৰাথমিক সূত্ৰৰ পৰা বাহিৰত আছে। দেশত ৩-২২ বছৰ বয়সৰ শিশু আৰু যুৱকৰ ১৫ কোটিয়ে  আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হোৱাটো অতিকৈ চিন্তনীয় বিষয়।দেশত বৰ্তমান এই বয়সৰ জনসংখ্যা ৫০ কোটি হ’ব যদিও এই বয়সৰ প্ৰায় ৩৫ কোটি লোকেহে বিভিন্ন প্ৰতিষ্ঠানত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছে। অৰ্থাৎ ১৫ কোটি শিশু আৰু যুৱক এতিয়াও আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে। দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি অহা ২৫ বছৰৰ ভিতৰত ভাৰতৰ সকলো লোককে শিক্ষিত কৰি তোলা হ’ব।

 

(R.T)