দেশবাসীয়ে গ্ৰহণ কৰা ক’ভিডৰ প্ৰতিবিধ প্ৰতিষেধকৰ আছে বহু পার্শ্ব প্রতিক্রিয়া

দেশবাসীয়ে গ্ৰহণ কৰা ক’ভিডৰ প্ৰতিবিধ প্ৰতিষেধকৰ আছে বহু পার্শ্ব প্রতিক্রিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- কৰ’না মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে দেশবাসীক যি প্ৰতিষেধক প্ৰদান কৰিছিল,ইয়াৰে আটাইকেইটা প্ৰতিষেধকৰে আছে বহু পাৰ্শ্বক্ৰিয়া।দেশৰ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত দুই সংস্থা ক্ৰমে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ আৰু চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কন্ট্ৰ’ল অৰ্গেনাইজেচন-এ এই কথা স্বীকাৰ কৰিছে।পুনেৰ ব্যৱসায়ী প্রফুল সাৰদাই তথ্য জনাৰ অধিকাৰৰ আইনৰ অধীনত দাখিল কৰা এক আবেদনৰ উত্তৰত সংস্থা দুটাই স্বীকাৰ কৰিছে যে কৰ’নাৰ সময়ত দেশবাসীয়ে গ্ৰহণ কৰা প্ৰতিবিধ প্ৰতিষেধকৰ বহু পার্শ্ব প্রতিক্রিয়া আছে।কৰ’না প্ৰতিৰোধৰ নামত চৰকাৰে কেইবাবিধো প্রতিষেধক প্ৰদান কৰিছিল।এইবোৰৰ ভিতৰত ক’ভিশ্বিল্ড, ক’ভাক্সিন, কভ’ভেক্স, কর্বেভেক্স আদি উল্লেখযোগ্য। সেই সময়ত চৰকাৰে এনে প্ৰতিষেধক ল’বলৈ দেশবাসীক একপ্ৰকাৰ বাধ্য কৰিছিল।সেই সময়ত চৰকাৰে ঘোষণা কৰিছিল যে প্রতিষেধক নল’লে বাছ, ৰে’ল, বিমান আদিত ভ্রমণ কৰিব নোৱাৰিব, হোটেল, ৰেস্তোৰাঁ, শপিং মল, চিনেমা হল আদিত প্ৰৱেশ কৰিব নোৱাৰিব।লগতে চৰকাৰে প্ৰতিষেধকৰ পাৰ্শ্ব ক্ৰিয়াৰ কথাও অস্বীকাৰ কৰিছিল। ক’ভিড ভেকচিনৰ কি কি চাইড এফেক্ট হ’ব পাৰে আপোনাৰ?ক’ভিশ্বিল্ড প্রতিষেধক লোৱাৰ পিচতেই গাৰ বিষ, শৰীৰৰ বিভিন্ন স্থানত ৰঙা হোৱা, কোনো কাৰণ নোহোৱাকৈ বমি কৰা, পেটৰ অসহ্য বিষ, মূৰৰ বিষ অথবা বমি, উশাহ চুটি হোৱা, বুকুৰ বিষ, হাত-ভৰি বিযোৱা অথবা ফুলি যোৱা, দুর্বলতা, হাত অথবা ভৰিৰ পক্ষাঘাতৰ দৰে হোৱা, স্নায়ুৰ সমস্যা হোৱা, চকুৰে ধোঁৱা কোৱা দেখা, মানসিক অৱস্থাৰ পৰিবৰ্তন হোৱা, অবসাদগ্রস্ততা ইত্যাদি বিভিন্নধৰণৰ সমস্যাৰ সৃষ্টি হয়। ক’ভ’ভেক্স প্রতিষেধকৰ ফলত বেজী লোৱা ঠাইত অসম্ভৱ বিষ, অৱসাদগ্রস্ততা, মূৰৰ বিষ, জ্বৰ শৰীৰৰ পেশী সংকুচিত হোৱা, গাঁঠিৰ বিষ, মূৰ ঘূৰণি আৰু বমি, হঠাৎ ঠাণ্ডা লগা, হাত, ভৰি অথবা গাৰ অসম্ভৱ বিষ হোৱা, দুর্বল অনুভৱ কৰা, ছাল ৰঙা পৰা অথবা খজুৱতি হোৱা, কঁকাল অথবা পিঠিৰ বিষ হোৱা, টোপনি ভাৱ অহা ইত্যাদি লক্ষণ আছে। আনহাতে ক’ভাক্সিনৰ কথা উল্লেখ কৰি কোৱা হয় যে এই প্রতিষেধকৰ ফলত গাৰ বিষ, মূৰৰ বিষ, অৱসাদগ্রস্ত হোৱা, জ্বৰ, পেটৰ বিষ, মূৰ ঘূৰণি, বমি হোৱা, টোপনি অহা, তন্দ্রাভাব, গা ঘামি যোৱা, ঠাণ্ডা লগা আৰু কফ হোৱা আদি সমস্যাৰ সৃষ্টি হয়। স্পুটনিক ভি প্রতিষেধকৰ ক্ষেত্ৰত জ্বৰ, ঠাণ্ডা লাগা,গাঁঠিৰ বিষ,পেশীৰ বিষ,মূৰৰ বিষ, মূৰ ঘূৰণি,খাবলৈ মন নোযোৱা ইত্যাদি লক্ষণ আছে।আনহাতে ক’র্বেভেক্সৰ ক্ষেত্ৰত থকা লক্ষণসমূহৰ ভিতৰত আছে মূৰৰ বিষ, অৱসাদগ্রস্ততা, গাৰ বিষ, পেশীৰ সমস্যা হোৱা, ছালৰ খজুৱতি হোৱা ইত্যাদি লক্ষণ আছে।