দেশত মহামাৰী কৰ’নাৰ তৃতীয় জোৱাৰ অহাটো অপ্ৰতিৰোধ্য-এইমছ

অনলাইন বাৰ্তাসেৱাঃ- দ্বিতীয় জোৱাৰ শাম কটাক লৈ স্বস্তিৰ পৰিৱেশ বিৰাজ কৰিবলৈ ধৰাৰ সময়তে ভয়াৱহ ৰূপত দেশজুৰি আৰু অহা আৰম্ভ হ’ব কৰ’নাৰ তৃতীয় জোৱাৰ। দেশত মহামাৰী কৰ’নাৰ তৃতীয় জোৱাৰ অহাটো অপ্ৰতিৰোধ্য। ডেৰ-দুমাহৰ ভিতৰতে দেশবাসীক বিপৰ্যস্ত কৰিব মহামাৰী কৰ’নাই। এই সতৰ্কবাণী প্ৰেৰণ কৰিছে যশস্বী চিকিৎসা বিশেষজ্ঞ তথা দিল্লীস্থ এইমছৰ সঞ্চালকপ্ৰধান ৰণদ্বীপ গুলেৰিয়াই । বিশ্বপ্ৰসিদ্ধ চিকিৎসা বিশেষজ্ঞগৰাকীয়ে শনিবাৰে সাংবাদিকৰ আগত কৈছে যে যদিহে দেশবাসীয়ে কোভিডকেন্দ্ৰিক বাধ নিষেধসমূহ কঠোৰভাৱে মানি নচলে তথা কৰ’নাৰ দ্বিতীয় জোৱাৰ আঁতৰিব ধৰিছে বুলি উৎফুল্লিত হৈ বেপৰোৱাভাৱে চাল-চলন কৰিবলৈ ধৰে তেন্তে অহা ছ-জ্জ্ব সপ্তাহৰ ভিতৰতে দেশজুৰি মহামাৰী কৰ’নাৰ তৃতীয় জোৱাৰৰ বিভীষিকা আৰম্ভ হোৱাটো নিশ্চিত। তেওঁ কৈছে যে দেশৰ জনসংখ্যাৰ এক বৃহৎ অংশৰ ভেকচিন প্ৰক্ৰিয়াৰে সামৰি ল’ব নোৱাৰা পৰ্যন্ত সকলোৱে কোভিড-১৯ প্ৰতিৰোধী বিধি-ব্যৱস্থাসমূহ অত্যন্ত নীতি-নিষ্ঠাৰে মানি চলিব লাগিব। ইয়াৰ অন্যথা দেশজুৰি কোভিড-১৯১ তৃতীয় জোৱাৰ অহা ডেৰ-দুমাহৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাৱনা অতি স্পষ্ট বুলি তেওঁ সকীয়াই দিছে। তেওঁ কয় যে মহামাৰী কৰ’নাৰ দ্বিতীয় জোৱাৰ শাম কাটিবলৈ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি লকডাউন শিথিলকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। একেদৰে জনসাধাৰণেও কোভিড প্ৰতিৰোধী নীতি-নিৰ্দেশনাসমূহ আওকাণ কৰি বেপৰোৱাভাৱে বিভিন্ন স্থানত সমৱেত হোৱাৰ প্ৰৱণতা পুনৰ স্পষ্ট হ’বলৈ ধৰিছে।