দেওপানী থান- ৰাজলক্ষ্মী বৰঠাকুৰ

দেওপানী থান

কার্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত দেওপানী থান অৱস্থিত। এই দেওপানী থানৰ প্রতিষ্ঠাপিত শৈলমূৰ্তিসমূহ আনুমানিক নৱম -দশম শতিকাৰ। স্বৰ্গীয় সুৰেন্দ্র নাথ ৰয় নামৰ এজন জনপ্রিয় চাহ খেতিয়কে অসমৰ দেওপানী চাহ বাগিচাত বাস কৰিছিল। তেখেত সকলোৰে মাজত নুনু বাবু নামেৰে জনাজাত। এদিনাখন তেওঁ চাহ বাগিচাৰ হাবিত তেওঁৰ বন্ধু আৰু শ্ৰমিকসকলৰ সৈতে চিকাৰ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে চিকাৰৰ পিছত বিশ্ৰাম লবলৈ এজেগাত শিবিৰ পাতিছিল। সন্ধিয়া হোৱাৰ লগে লগে লগৰ সকলো নিজৰ ঘৰলৈ উভতি আহিল আৰু নুনু বাবুয়ে দেওপানী চাহ বাগিচাত থকা তেওঁৰ বাংলোত জিৰণি লবলৈ গল। মাজনিশা তেওঁ সপোনত দেৱী দুৰ্গাক দেখি সাৰ পাই উঠিছিল আৰু সপোনত দুৰ্গা দেৱীয়ে তেওঁক তেওঁলোকে চিকাৰ কৰি আমোদ কৰা ঠাইৰ তলত মা দুৰ্গা লুকাই আছে বুলি কৈছিল। তেওঁ নুনু বাবুক ভূগর্ভৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ কৈছিল। সেইৰাতিয়ে তেওঁ তেওঁলোকৰ পৰিয়ালৰ পুৰোহিতক মাতি পঠিয়ায় আৰু তেওঁৰ সপোনৰ কথা বিৱৰি কয়। পুৰোহিতে তেওঁক এয়া ঐশ্বৰিক আজ্ঞা বুলি পতিয়ন নিয়াইছিল। কেইঘন্টামানৰ ভিতৰতে জংঘলৰ ঠাইখনত শ শ লোক একত্রিত হৈছিল আৰু খননৰ কাম আৰম্ভ হৈছিল। কিছুসময়ৰ পিছত এটাৰ পিছত এটাকৈ সৰু আকাৰৰ কেইবাটাও মূৰ্তি উদ্ধাৰ হল। শেষত দেৱী দুৰ্গাৰ মূৰ্তি পোৱা গৈছিল আৰু হাতী ব্যৱহাৰ কৰি অতি সাৱধানতাৰে বিশাল আৰু গধুৰ মূৰ্তিটো উদ্ধাৰ কৰা হৈছিল। ইয়াৰ কিছু দূৰত ভগৱান বিষ্ণুৰ এক প্রতিমূৰ্তি উদ্ধাৰ কৰা হয়। পিছত নুনু বাবুয়ে তেওঁৰ দেউতাক উদ্যোগপতি দেৱৰাজ ৰয়ক আৰু তেওঁৰ জেষ্ঠ ভাতৃ মহেন্দ্র নাথ ৰয়ক এই বিষয়ে অৱগত কৰে। তেওঁলোকৰ কুল দেৱী হিচাপে দুৰ্গা দেৱীক উপাসনা কৰাৰ বাবে দেৱী দুৰ্গাৰ মূৰ্তি উদ্ধাৰ হোৱা ঠাইৰ পৰা কেই মিটাৰ দূৰত অস্থায়ী আশ্রয়স্থল স্থাপন কৰা হৈছিল। এক শুভ মুহূর্ত বাছনি কৰি অতি ধুমধামেৰে প্রাণ প্রতিষ্ঠা পূজা স্বৰ্গীয় দেৱৰাজ ৰয় আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে আয়োজন কৰি দেওপানী থান প্রতিষ্ঠা কৰিছিল। দেওপানী থান হৈছে হিন্দু ধর্মাৱলম্বী লোকসকলৰ পৱিত্র উপাসনাস্থল । ইয়ালৈ দৈনন্দিন বহু ভক্তৰ সমাগম হয়। প্রতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা পূজাত বিভিন্ন ঠাই পৰা ভক্ত সকল আহি মা দুৰ্গাক সেৱা জনাই।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট