দুৰ্গা দেৱী – অৰুণা গোস্বামী

PC - Veena World

দুৰ্গা দেৱী

দুৰ্গা দেৱী আই তুমি দুৰ্গতিনাশিনী ,

দুৰ্গতিক নাশ কৰা মহিষমৰ্দিনী ৷

শান্তি প্ৰতিষ্ঠা কৰা নাশ কৰা দুখ ,

পৃথিৱীক শান্ত কৰা দূৰ কৰা ক্লেশ ৷

ষষ্ঠীৰ বেদীত বহি লোৱা পূজা ভাগ ,

ভক্তসকলক দেৱী দিয়া আশীৰ্বাদ ৷

শক্তিৰ আধাৰ তুমি দেৱী মহামায়া ,

তোমাৰ চৰণতলে দিয়া পদছায়া ৷

তুমি দেৱী দশভূজা অসুৰঘাতিনী ,

তুমি কৃপাময়ী দেৱী জগতজননী ৷

তুমি যে কৰুণাময়ী পতিত পাৱনী ,

তোমাৰ মহিমা মাতৃ বুজি নাপাওঁ আমি ৷

-অৰুণা গোস্বামী

তিতাবৰ