দুৰ্গাগাঁৱত ভোগৰ উৎসৱ উৎযাপন 

দুৰ্গাগাঁৱত ভোগৰ উৎসৱ উৎযাপন 

ৰঙিলী বাৰ্তাসেৱা- অসমীয়াৰ প্ৰাণ, বাপতি সাহোন আটোলটোল ভোগৰ উৎসৱ ভোগালী ধুমধামেৰে দৰঙৰ দুৰ্গাগাঁৱৰ ৰাইজে উৎযাপন কৰে | ৰূপালী জয়ন্তী বৰ্ষ গৰকা বিহুখনে , অসমীয়াৰ পৰম্পৰা তথা ঐহিত্য ৰক্ষাৰ্থে অহোপুৰুষাৰ্থ কৰি আহিছে । আজি দোকমোকালিতে ভেলাঘৰত অগ্নি পূজন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে বিহুৰ অনুষ্ঠান | বিভিন্ন পৰম্পৰাগত খেল-ধেমালি যেনে- ৰছী টনা, কলগছত বগোৱা, কণী যুঁজ , কুকুৰা যুঁজ, মেজিক চিয়েৰ ইত্যাদি অনুষ্ঠিত কৰে | আবেলি বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠান কৰে । সন্ধিয়া ৭ বজাত বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ,য’ত সঞ্চালক হিচাপে উপস্থিত থাকে , মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক , তাৰ্কিক, ছাত্ৰ নেতা অপূৰ্ব ডেকা , আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক খিতেশ্বৰ চহৰীয়া , উদ্যোগী যুৱক প্ৰাঞ্জল ডেকা আৰু গাওঁ পঞ্চায়তৰ সদস্যা তুতুমণি ডেকা | সভাত অপূৰ্ব ডেকাই কয় যে – ” এটি জাতিৰ সভ্যতা , সংস্কৃতি তথা পৰম্পৰা ৰক্ষাৰ মূল কেন্দ্ৰবিন্দু হৈ গাঁৱসমূহ !”
দৰঙৰ পৰা তফিকুৰ ৰহমানৰ প্রতিবেদন।