দুর্বৃত্তৰ আক্ৰমণত আহত আৰক্ষীক শীঘ্ৰে পদোন্নতি দিয়াৰ ঘোষণাঃ  ডিজিপ ভাস্কৰজ্যোতি মহন্তৰ

Pc- the Sentinel assam

দুর্বৃত্তৰ আক্ৰমণত আহত আৰক্ষীক শীঘ্ৰে পদোন্নতি দিয়াৰ ঘোষণাঃ  ডিজিপ ভাস্কৰজ্যোতি মহন্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যৰ বিভিন্ন ঘটনাত দুর্বৃত্তৰ আক্ৰমণৰ বলি হোৱা ২৫জন আৰক্ষীক সম্বর্ধনা জনাবলৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্ৰধান (ডি জি পি) ভাস্কৰজ্যোতি মহন্তই উগ্ৰপন্থীৰ গুলীত অথবা বিস্ফোৰণত ঘুণীয়া হোৱা আৰক্ষীৰ যিসকল জোৱান আৰু বিষয়াই শাৰীৰিক অক্ষমতাৰ হেতু প্রয়োজনীয় পাঠ্যক্ৰমত অংশ ল’ব নোৱাৰি পদোন্নতিৰ পৰা বঞ্চিত হৈ আছে, সেইসকল আৰক্ষীক শীঘ্ৰে পদোন্নতি দিয়া হ’ব বুলি কয়। লগতে ডি জি পি মহন্তই কয় যে ভুক্তভোগী এইসকল আৰক্ষীয়ে প্ৰয়োজনীয় প্ৰশিক্ষণত অৱতীৰ্ণ নোহোৱাকৈয়ে পদোন্নতি লাভ কৰিব। এইক্ষেত্ৰত বাধ্যতামূলক পাঠ্যক্ৰম তেওঁলোকৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব। তদুপৰি এইসকল আৰক্ষী জোৱান অথবা বিষয়াক পদোন্নতিৰ জৰিয়তে লাভ কৰিবলগীয়া পদত নিযুক্ত কৰা হ’ব। ঘুণীয়া হোৱা আৰক্ষীৰ এইসকল লোকক পৰাক্ৰমী পদকেৰে বিভূষিত কৰাৰ বাবেও ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে বুলি অনুষ্ঠানত শীৰ্ষ আৰক্ষী বিষয়াজনে সদৰী কৰে।