-:দুখৰ বৰষুণজাক:-(পাৰ্শ্ব নাৰায়ণ গোস্বামী)

pc-cutewallpaper.com

-:দুখৰ বৰষুণজাক:-
আশাৰ চহৰখনত
দুখৰ বৰষুণজাকে সুখবোৰ,
ধুই নিকা নিকা কৰি নিলে।
ওন্দোলাই অনা আকাশখনেই
বতৰা দিছিল,
পাৰভগা আৱেগৰ ধুমুহাজাকো
লগতে আহিব।
উদং সন্ধিয়াটোত
দুখবোৰে কিৰিলিয়াই উঠিল।
আৰু ৰিক্ত সময়বোৰে
ইতিকিং কৰিলে
চহৰখনত থকা আজন্ম প্ৰেমিকজনক।
উফঃ আজি আশাৰ চহৰখনত
দুখৰ বৰষুণজাক নামিছে।
হৃদয়ৰ কাৰেঙত
ৰামধেনুৰ সাতোৰঙী আৱিৰৰ ৰং,
এটিয়াযে তেনেই ধূসৰ।
নিঃকিণ প্ৰেমিকজন কিন্তু
একেই থাকিল 
বুকুত নিৰলে মাথো লৈ থাকিল
দূৰন্ত প্ৰেমৰ জ্বলন্ত অগ্নিশিখা।
“Sadness flies away
onthe wings of time”
আজি আশাৰ চহৰখনত দুখৰ
বৰষুণজাক নামিছে।
সোৱৰণিৰ উকাঁপাতত
গজি উঠিছে মাতাল শব্দবোৰ,
আৰু নীলা শোণিতৰ বুলনিৰে
আকিঁ থকা হৈছে নিঃকিণ প্ৰেমিকজনৰ
দুখৰ দস্তাবেজ।।
(পাৰ্শ্ব নাৰায়ণ গোস্বামী)