দুঃসময়- প্ৰবীন শৰ্মা

pc.- Unsplash

দুঃসময়

প্ৰবীন শৰ্মা (প্ৰবক্তা)
কছাৰীহাট
গোলাঘাট

আন্ধাৰবোৰ পিছফালৰ পকেটত ভৰাই গৈ থাকোঁ…..
আগলৈ
জেপলুৰুকাই নিয়ে যদি নিয়ক
মোৰ দুখৰ সাঁচতীয়া ভবিষ্যত

বাৰিষা চট হেৰুওৱা উত্তাল নৈ খনক সোধো জানো
মৃত্যু কোনফালে ?

এতিয়া ভয় নুখুৱাবা
বহু আগতেই গম পালো শিলবোৰ পানী হোৱাৰ নজিৰ নথকাৰ কথা…

তথাপি পানীয়ে শিল উটুৱাই নিয়া দেখিছোঁ
তেনেকৈয়ে গৈ থাক ভাই
লুটি বাগৰ সলাই এৰুৱাই ল
কৌটি-কলীয়া শেলুৱৈ ধৰা জীৱনৰ ৰং….

মৃত্যু এতিয়া ছিৰিয়াচ নাটকৰ গৌণ চৰিত্ৰ
নেৰানেপেৰা সংঘাতৰ মূল কাহিনী
তই কৰিবিনো কি ?
জীৱন কঢ়াটো কোন সভ্যতাৰ শিল্প
তাকেই নজনাৰ দুখত তই
কমেডি নাটকৰ ট্ৰেজিক প্ৰটাগনিষ্ট…..

আন্ধাৰবোৰ পকেট ফাটি ওলাই যাওঁক
পিছলৈ নাচাবা
চোৱাটো নিয়মো নহয়
ভালকৈ চালে দেখিবা পোহৰ আগফালৰ পৰাহে আহে ,
আহিব , আনিব লাগিব…….।